গুজৰাট উচ্চ ন্যায়ালয়ে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ সাংসদ ইউছুফ পাঠান ডাঙৰ আঘাত দিয়ে। বদোদৰাৰ টাণ্ডালজা অঞ্চলৰ ভূমি বিবাদৰ সৈতে জড়িত তেওঁৰ আবেদন নাকচ কৰিছে আদালতে। আদালতে স্পষ্টকৈ কয় যে, ইউছুফ পাঠানে দখল কৰা প্লটটো পৌৰ নিগমৰ সম্পত্তি আৰু তেওঁ খালী কৰিব লাগিব। এনে পৰিস্থিতিত এই সম্পত্তিৰ ওপৰত বুলডজাৰৰ কাৰ্য্যৰ ভাবুকি আহিবলৈ আৰম্ভ কৰিছে।
এই বিবাদ বহু বছৰ পুৰণি। বিজেপিৰ প্ৰাক্তন কাউন্সিলাৰ বিজয় পাৱাৰে অভিযোগ উত্থাপন কৰিছিল যে, ২০১২ চনত বদোদৰা পৌৰ নিগমে ইউছুফ পাঠানক এটা প্লট আবণ্টন দিয়াৰ প্ৰস্তাৱ গৃহীত কৰিছিল আৰু সেই প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু, ২০১৪ চনত গুজৰাট চৰকাৰে এই প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ পিছতো ইউছুফ পাথানে সেই প্লটটো দখল কৰি তাত সীমা দেৱালৰ লগতে গৰু-ম’হৰ বাবে এটা চেডো নিৰ্মাণ কৰিছিল বুলি অভিযোগ উঠিছে।
ইয়াৰ পিছত যেতিয়া বদোদৰা পৌৰ নিগমে বেদখল আঁতৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰিলে তেতিয়া ইউছুফ পাঠানে উচ্চ ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰিলে। তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ মোনাবেন ভাটৰ আদালতত। আদালতে কেৱল আৱেদন নাকচ কৰাই নহয়, পৌৰ নিগমকো প্ৰশ্ন উত্থাপন কৰে যে, যেতিয়া ৰাজ্য চৰকাৰে আবণ্টন অনুমোদন নিদিলে, তেতিয়াহ’লে ইমান বছৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।
এই বিষয়ত বদোদৰা পৌৰ নিগমৰ সহকাৰী আয়ুক্ত সুৰেশ টুৱাৰে কয় যে পশ্চিম বদোদৰাৰ তাণ্ডালজা অঞ্চলত অৱস্থিত টি পি প্লটটো পৌৰ নিগমৰ সম্পত্তি। পূৰ্বে এই প্লট আবণ্টনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও ৰাজ্য চৰকাৰৰ অনুমোদন নোপোৱাৰ বাবে বিষয়টো বন্ধ হৈ পৰে। ইয়াৰ পিছতো ইউছুফ পাঠানে সেই মাটি দখল কৰিছিল। এতিয়া উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত পৌৰ নিগমৰ সপক্ষে আহিছে, যাৰ পৰা স্পষ্ট হৈ পৰিছে যে এই মাটি সদায় পৌৰ নিগমৰ সম্পত্তি হৈ থাকিব।
অৱশ্যে এই বিষয় সন্দৰ্ভত ইউছুফ পাঠানে এতিয়া উচ্চতম ন্যায়ালয়লৈ যাব পাৰিব বুলি বিশেষজ্ঞসকলৰ মতে। বৰ্তমান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত নিগমে বেদখল আঁতৰোৱাৰ ব্যৱস্থা আগবঢ়াই নিয়াৰ পথ মুকলি কৰা হৈছে।