অৱশেষত CID কাৰ্যালয়ত হাজিৰ হ’ল ৰূপকমল কলিতা। SITৰ সন্মুখত ভাষ্য দিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাই।
জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰৰ য়টত উপস্থিত আছিল দিছপুৰৰ ৰূপকমল কলিতা।উল্লেখ্য যে, ৬ অক্টোবৰত CID কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল ছিংগাপুৰত জুবিনৰ সৈতে য়টত থকা প্ৰতিগৰাকী প্ৰবাসী অসমীয়াই।
অৱশ্যে বৰ্তমানেও CIDৰ সৈতে যোগাযোগ কৰা নাই অন্য ৭ জন প্ৰৱাসী অসমীয়াই। CIDৰ চমনক উপেক্ষা য়ট পাৰ্টীত অংশ লোৱা প্ৰৱাসী অসমীয়াসকলৰ।
এই য়ট পাৰ্টীৰ আয়োজক তন্ময় ফুকন, ছিংগাপুৰ আছাম এছোছিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ, দেৱজ্যোতি হাজৰিকা, সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, সুদীপ চেটাৰ্জী আৰু ৱাহিদ ৰহমানক চমন দিছিল CID-এ। পিছে এতিয়ালৈ জুবিনৰ মৃত্যু প্ৰসংগত এটা শব্দও কোৱা নাই প্ৰৱাসী অসমীয়াসকলে।