জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অধীৰ অপেক্ষাৰে ৰৈ আছে তেওঁৰ পৰিয়ালৰ লগতে লাখ-লাখ অনুৰাগী। ৭ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত CIDৰ কাৰ্যালয়ত ৬ ঘণ্টা ধৰি SIT য়ে জেৰা চলাইছিল ৰূপকমল কলিতাক। ১৯ ছেপ্তেম্বৰৰ দিনটোত ছিংগাপুৰত জুবিনৰ সৈতে কি হৈছিল সেইসম্পৰ্কে জেৰা অব্যাহত ৰাখিছে SIT-য়ে।
য়টত থকা সময়ত শিল্পীগৰাকী অসুস্থ হৈ আছিল নেকি সেই সম্পৰ্কেও প্ৰশ্ন কৰা হৈছে। অছবা অন্য কিবা কাৰণত সংজ্ঞাহীন হৈ পৰিছিল নেকি সেই সম্পৰ্কে সোধাপোচা কৰা হৈছে।
লগতে অত্যধিক সুৰাপান কৰোৱাই এগৰাকী অসুস্থ ব্যক্তিক কিয় পানীত নামিবলৈ দিয়া হৈছিল আৰু কোনে সুৰা আৰু গাহৰি মাংস যোধান ধৰিছিল জুবিন গাৰ্গক আদি প্ৰশ্নৰো সন্মুখীন হৈছে ৰূপকমল।
আজি আকৌ দ্বিতীয়বাৰৰ বাবে CID-য়ে তলৱ কৰিছে ৰূপকমল কলিতাক। এইফালে আকৌ EDৰ চক্ৰবেহুত সোমাই পৰিছে শ্যামকানু মহন্ত। দালাল শ্যামকানু মহন্তৰ মালিকাধীন ৫টা কোম্পানীৰ তথ্য সংগ্ৰহ কৰিছে ED-এ।
আজি আকৌ ED-এ জেৰা চলাব শ্যামকানুক। কালি ED-এ জেৰা কৰে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্তক। পত্নীক সহযোগী হিচাপে লৈ শ্যামকানুৱে লুণ্ঠন চলাইছিল কোটি কোটি টকা। বিভিন্ন বিভাগৰ পৰা অনিয়মেৰে শ্যামকানুৱে কোটি কোটি টকা সংগ্ৰহ কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে।