প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ আজি ২৪টা দিন পাৰ হল। কিন্তু আজি পৰ্যন্ত শোকস্তব্ধ হৈ আছে সমগ্ৰ অসমৱাসী। এই ২৪টা দিনে সকলো অসমীয়াৰ মুখে-মুখে কেৱল এটায়েই বিষয়, সেয়া হল – জুবিন গাৰ্গৰ ন্যায়।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসম কঁপাইছে সকলো জুবিন অনুৰাগীয়ে। ১২ অক্টোৱৰৰ নিশাও জুবিন গাৰ্গৰ ন্যায় বিচাৰি সোণাপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদত কঁপি উঠে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। শ শ লোকে জুবিনৰ ন্যায় বিচাৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। অতি সোনকালে ন্যায় লাগিবই বুলি প্ৰতিবাদ কৰে জুবিন অনুৰাগীয়ে। তেওঁলোকে কয়- ‘সিদ্ধাৰ্থ, শ্যামকানুক জে’লত থৈ লাভ নাই, ৰাইজৰ মাজত এৰি দিয়ক অন্যথা চৰম শাস্তি দিয়ক’। জুবিন গাৰ্গৰ মৃত্যুত জড়িত কোনো লোককে এৰি দিয়া নহ’ব বুলি একপ্ৰকৰ হুংকাৰ দিয়ে জুবিন অনুৰাগীয়ে। অভিযুক্তক উচিত শাস্তি নিদিলে ৰাইজে কেতিয়াও ক্ষমা কৰি নিদিয়ে বুলি কয় তেওঁলোকে।
ইয়াৰ উপৰিও ‘জুবিন দাৰ ন্যায় আমি কেতিয়া পাম? আমাক মাৰিলেও মাৰক, গুলিয়াইমাৰিলেও আমাক ন্যায় লাগিব’ বুলি সংবাদমেল দিয়ে অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াই।