দেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক সেনাৰ সৈতে কোনো ধৰণৰ সংঘাত নকৰিবলৈ পৰামৰ্শ দিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বত বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে। খালেদা জিয়াই ইউনুছক সকীয়াই দিছে যে, অন্তৱৰ্তীকালীন চৰকাৰৰ বাংলাদেশ সেনাৰ সৈতে কোনো ধৰণৰ উত্তেজনা থাকিব নালাগে।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ এই মন্তব্য সামৰিক বিষয়াৰ বিৰুদ্ধে অসামৰিক ন্যায়াধিকৰণত আইনী কাৰ্য্যবিধি চলি থকাৰ পিছত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰ আৰু সেনাৰ মাজত ক্ৰমাৎ মতানৈক্যৰ সৃষ্টি হৈছে।
ঢাকাত মহম্মদ ইউনুছে আহ্বান কৰা ৰাজনৈতিক দলসমূহৰ জৰুৰী বৈঠকৰ সময়ত খালেদা জিয়াই এই সতৰ্কবাণী জাৰি কৰে। এই বৈঠকত জামাত-ই-ইছলামী, ছাত্ৰ নেতৃত্বাধীন নেচনেল চিটিজেনছ পাৰ্টি (এনচিপি), বাংলাদেশ কমিউনিষ্ট পাৰ্টি (চিপিবি)কে ধৰি কেইবাটাও ৰাজনৈতিক সংগঠনে অংশগ্ৰহণ কৰে।
চৰকাৰে সামৰিক জোৱানৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্তক লৈ সৃষ্টি হোৱা হেঁচা আৰু বিতৰ্কৰ সমাধানৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিএনপিয়ে দেশখন সুষম অৱস্থাত থাকিব লাগে বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে যোৱা সপ্তাহত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে পূৰ্বৰ শাসনকালত ৰাজনৈতিক বিৰোধীক বলপূৰ্বকভাৱে নিৰুদ্দেশ, অপহৰণ আৰু অত্যাচাৰৰ অভিযোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ লগতে ১৬ জন সক্ৰিয় সেনা বিষয়া আৰু ১৪ জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।
সামৰিক বিষয়াসকলৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি হোৱাৰ পিছত বাংলাদেশ সেনাই জনোৱা মতে, যি ১৬ জন বিষয়াৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে, তাৰ ভিতৰত ১৫ জন সামৰিক জিম্মাত আছে, আনহাতে এজন মেজৰ জেনেৰেল পলায়ন কৰিছে।