‘ৰৈ ৰৈ বিনালে’ ছবি চাবলৈ ছবিগৃহত হিলদল ভাঙি ওলাই আহিছে ৰাইজ। চিনেমা হলত এক অভূতপূৰ্ব পৰিৱেশে বিৰাজ কৰিছে। মায়াবিনী গীতেৰে আৰম্ভ ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দৰ্শনী। নাহৰ পুলি ৰোপণ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ কৰিলে অনুৰাগীয়ে।
অসমীয়া ছবি জগতত ইতিহাস ৰচি পুৱতি নিশাৰ পৰাই অনুৰাগীয়ে ছবিগৃহসমূহ ভিৰ কৰিছে ‘ৰৈ ৰৈ বিনালে’ চাবলৈ। ইতিমধ্যে ছবিখন উপভোগ কৰা জুবিন অনুৰাগীয়ে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। ‘জুবিনদাক ন্যায় দিবই লাগিব, ‘ছিংগাপুৰলৈ লৈ যোৱা প্ৰতিজনৰে শাস্তি হ’ব লাগিব। ৰাজনীতি কৰিলে সহ্য কৰা নহ’ব।’ চিনেমাহলত ন্যায় দাবীৰে প্ৰতিবাদ কৰিছে দৰ্শকে।
‘জুবিন গাৰ্গে অসমীয়া ছবিজগতক নতুন ৰূপ দিছে’, ৰৈ ৰৈ বিনালে চাই এইদৰে ক’লে এজন দৰ্শকে।
 
			






 
					






