মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য। ‘জুবিন গাৰ্গৰ দুৰ্ঘটনা নহয়, এয়া এক হত্যাকাণ্ড! গতিকে অতি সোনকালেই এই ঘটনাৰ চাৰ্জশ্বীট দিয়া হ’ব। ৮ ডিচেম্বৰৰ পূৰ্বেই চাৰ্জশ্বীট দিয়া হ’ব’- এইবুলি মহাবিস্ফোৰণ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীৰ এই মন্তব্য শুনি এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে, এই হত্যাকাণ্ডৰ সৈতে কোন কোন জড়িত হৈ আছে? এই চাৰ্জশ্বীটত প্ৰকাশ পাব পাৰে সকলোৰে নাম। চৰকাৰ সকলো ফালৰ পৰা সাজু বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।













