জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, SIT য়ে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামা দাখিল কৰিব আদালতত। FIRত প্ৰথমেই সন্নিৱিষ্ট কৰা হৈছে হত্যাৰ ধাৰা।
তেওঁ লগতে কয় যে, ১০ ডিচেম্বৰৰ পূৰ্বে গুৱাহাটীৰ আদালতত দাখিল কৰা হ’ব চাৰ্জশ্বীট। SIT য়ে সুন্দৰভাৱে নিজৰ কাম কৰি আছে। জুবিন গাৰ্গৰ ন্যায়ৰ Issue-টো প্ৰত্যেকজন অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে বুলি কয় ড০ শৰ্মাই।
যিসকল লোকৰ ওচৰত জুবিন গাৰ্গ সন্দৰ্ভত কোনো তথ্য আছে তেওঁলোকে ন্যায়িক আয়োগত শপতনামা দাখিল কৰি সকলো তথ্য দিবলৈ মন্তব্য কৰে ড০ শৰ্মাই।
তেওঁ কয় যে, তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থকালৈ কোনেও অসমক নেপাল বনাব নোৱাৰে।











