প্ৰতিজন অসমীয়া ৰৈ আছে এই দিনটোৰ বাবে। কাইলৈ চাৰ্জশ্বীট দাখিল কৰিব SIT য়ে। সংবাদমেলযোগে এই কথা জনালে SDGP মুন্না প্ৰসাদ গুপ্তাই।
জুবিন গাৰ্গৰ হত্যাৰ সৈতে কোন কোন জড়িত আছিল লগতে কি কাৰণত জুবিন গাৰ্গৰ প্ৰাণ লোৱা হৈছিল।
কাইলৈ ফাদিল হব সকলো তথ্য। ১২ ডিচেম্বৰত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ সকলো চাৰ্জশ্বীট। ১৮/২০২৫ গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিব SIT য়ে।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সন্নিৱিষ্ট কৰা হৈছে BNSৰ ১০৩ ধাৰা। কাইলৈ চাৰ্জশ্বীটত সকলোৰে মুখা খোল খাব। এই গোচৰত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ৩০০ ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে SIT য়ে।











