২০২৫ চনৰ আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক, গুৱাহাটী নিবাসী অনিন্দিত দত্ত ৷
নৱেম্বৰ মাহৰ আৰম্ভণিত আয়োজিত এই আন্তৰ্জাতিক কৰ্মশালা আৰু সমাৰোহৰ বাবে সমগ্ৰ বিশ্বৰ পৰা মাত্ৰ ৩০ জন নবীন উপন্যাসিকক নিৰ্বাচন কৰা হৈছে।
শ্বিলঙৰ ইংলিচ এণ্ড ফৰেইণ লেংগুৱেজেজ ইউনিভাৰচিটিত বি-এ আৰু হাৰদৰাবাদ বিশ্ববিদ্যালয়ত ইংৰাজীত এম-এ পঢ়ি যোৱা গুৱাহাটীৰ নিবাসী অনিন্দিত দত্তই ইতিমধ্যে ইউনিভাৰনচিটি অফ টেক্সাস এট অস্টিনৰ পৰা সৃষ্টিশীল লেখনীৰ পাঠ্যক্ৰমত ২০২৫ চনত এম-এ ডিগ্ৰী অৰ্জন কৰে৷ অস্টিনত থকা সময়চোৱাত তেওঁ বেট চিটি ৰিভিউ নামৰ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য আলোচনীৰ সম্পাদক হিচাপে কাম কৰিছিল৷ বৰ্তমান তেওঁ ইউনিভাৰচিটি অফ জিঅ’ৰজিয়াত ইংৰাজী বিভাগত ডক্তৰেট কৰি আছে আৰু অসমৰ পটভূমিত এখন উপন্যাসৰ কামত ব্ৰতী হৈ আছে৷









