বাক্সা জিলা কাৰাগাৰতে ৰখা হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জড়িত ৫ অভিযুক্তক। বাক্সাৰ নিকাছিস্থিত কাৰাগাৰতে ৰখা হ’ব সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ আৰু জুবিনৰ ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক।
১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব এই ৫ অভিযুক্তক। ৫ জুনত উদ্বোধন হোৱা নৱনিৰ্মিত এই কাৰ্যালয়ত বৰ্তমানলৈ নাই এজনো কয়দী। ২ হাজাৰ কয়দী, হাজোতি ৰখাৰ সক্ষমতা আছে এই কাৰাগাৰখনত।