২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ শীৰ্ষ নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে আজি আম আদমী পাৰ্টিত যোগদান কৰে।
উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছ নেতাজনে আজিৰ দিনটোলৈ জাগ্ৰত প্ৰহৰী অসম নামৰ এটা দলৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰি আছিল। বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ টিকট কেন্দ্ৰিক বিবাদৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছিল।
আজি দিল্লীত অনুষ্ঠিত বৰঠাকুৰৰ যোগদান অনুষ্ঠানত উপস্থিত থাকে AAP নেত্ৰী অতিশী মাৰ্লিন।
ৰমেন বৰঠাকুৰৰ এই সিদ্ধান্তৰ কথা ৰাজহুৱা হোৱাৰ পিছতে এতিয়া উৎসাহিত হৈ পৰিছে তেওঁৰ সমৰ্থক আৰু AAP-অসমৰ কাৰ্যকৰ্তা সকল। অৱশ্যে বৰঠাকুৰৰ AAPত যোগদানে পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনীতিত কি প্ৰভাৱ পেলায় সেয়াহে হ’ব লক্ষ্যণীয়।