তেলেংগানাৰ পিছত এইবাৰ অন্ধ্ৰ প্ৰদেশ চৰকাৰেও ৰমজান মাহৰ এঘণ্টা আগতেই মুছলমান চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ৰ পৰা যাবলৈ অনুমতি প্ৰদান কৰিছে। এই কথা ঘোষণা কৰে চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন চৰকাৰে।
উল্লেখ্য যে, ৰেৱন্ত ৰেড্ডী নেতৃত্বাধীন তেলেংগানা চৰকাৰে লোৱা এই সিদ্ধান্তক বিজেপিয়ে বিৰোধিতা কৰিছে। এই বিৰোধিতাৰ মাজতে তেওঁলোকৰ মিত্ৰ শক্তি নাইডু নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্তই বিজেপিৰ মাজত উত্তেজনা অধিক বৃদ্ধি কৰিছে।
তেলেংগানাত বিজেপিয়ে এই সিদ্ধান্তক তুষ্টিকৰণৰ ৰাজনীতি বুলি অভিহিত কৰি কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰে যদিও অন্ধ্ৰপ্ৰদেশত এন ডি এৰ মিত্ৰ চন্দ্ৰবাবু নাইডুৰ চৰকাৰেও একে সিদ্ধান্ত গ্ৰহণ কৰাত দলটোৱে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয়।
অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ আনুষ্ঠানিক নিৰ্দেশনাত কোৱা হৈছে, ‘মুছলমান চৰকাৰী চাকৰিয়াল, শিক্ষক, ঠিকাভিত্তিক, আউটচ’ৰ্চিং, ব’ৰ্ড আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়ে ২ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈকে সকলো কৰ্মদিনতে কাৰ্যালয় বা বিদ্যালয় এৰি অত্যাৱশ্যকীয় ধৰ্মীয় অনুষ্ঠানত অংশ ল’বলৈ অনুমতি দিয়া হৈছে।’