দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু বিজেপিৰ বৃহৎ বিজয়ৰ পিছত মুখ্যমন্ত্ৰীক লৈ আলোচনা উত্তপ্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত দিল্লীত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে যদিও তাৰ পূৰ্বে মুখ্যমন্ত্ৰী সন্দৰ্ভত ধুমুহাৰ সৃষ্টি হৈছে।
ইফালে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বিধায়কৰ মাজৰে পৰা হ’ব বুলি সূত্ৰৰ পৰা খবৰ আহিছে। মহিলা বিধায়িকাইও মুখ্যমন্ত্ৰীৰ স্থান লাভ কৰিব পাৰে দিল্লীত।
বিগত ৮ ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ লগে লগে মুখ্য কাৰ্যালয়ত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
ইয়াৰ এদিন পূৰ্বে দেওবাৰে দিল্লী সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসগৃহতো এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, সংগঠনৰ সাধাৰণ সম্পাদক বি এল সন্তোষ, দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ, নিৰ্বাচন প্ৰভাৰী বৈজয়ন্ত জয়পণ্ডেকে ধৰি দিল্লীৰ আন একাংশ নেতাও উপস্থিত থাকে।
পূৰ্বতে দিল্লীত মুখ্যমন্ত্ৰীৰ দৌৰত পাঁচজন নেতাৰ নাম চৰ্চালৈ আহিছিল। এক নম্বৰত আছে নতুন দিল্লী বিধানসভাৰ আসনত অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰা প্ৰবেশ বাৰ্মা। দ্বিতীয় স্থানত আছে সতীশ উপাধ্যায়।
তিনি নম্বৰত আছে আশীষ ছুদ। তেওঁ কাউন্সিলাৰ হিচাপেও কাম কৰাৰ লগতে দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। চাৰি নম্বৰত আছে আৰ এছ এছৰ ঘনিষ্ঠ বুলি গণ্য কৰা জিতেন্দ্ৰ মহাজন। পাঁচ নম্বৰত আছে দিল্লী বিজেপিৰ সভাপতি বিজেন্দ্ৰ গুপ্তা।