বৃহস্পতিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে টেল আভিভত হোৱা ভয়ংকৰ বাছ আক্ৰমণৰ পিছত ইজৰাইলী সেনাক কঠোৰ হবলৈ তীব্ৰ সকীয়নী দিয়ে।
নেতান্যেহুৱে দেশখনৰ পশ্চিম দিশত সেনাক তীব্ৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে এই বাছ আক্ৰমণত কোনো লোকেও প্ৰাণ হেৰুৱাব লগা অৱস্থা হোৱা নাই।
ইজৰাইল আৰক্ষীয়ে ইয়াৰ পূৰ্বে কয় যে টেল আভিভৰ বাহিৰৰ ইজৰাইলৰ দুটা উপকন্ঠীয় অঞ্চলত ৩খন বাছত বিস্ফোৰণ হোৱাৰ লগতে উদ্ধাৰ কৰা হৈছে ৪টা বিস্ফোৰক সামগ্ৰী। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, বিস্ফেৰণৰ সময়ত বাছসমূহ সম্পূৰ্ণৰূপে খালী আছিল।
এই বিস্ফোৰণে ২০০০ চনত ইজৰাইলত সংঘটিত হোৱা বিধ্বংসী বাছ বোমা বিস্ফোৰণৰ কথা মনত পেলাই দিয়ে যদিও বৰ্তমানৰ আক্ৰমণ ঠিক তেনে নহয়। ইফালে আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰত্যেকজন সন্দেহযুক্ত নাগৰিকক বিচাৰি উলিওই প্ৰত্যেক সাধাৰণ লোককে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
অৱশ্যে ইজৰাইলে এই আক্ৰমণ পেলেইস্তাইনী কাম বুলি অভিহিত কৰিছে।