বুধবাৰে তাজাকিস্তানে দেশৰ মহিলাসকলৰ সাজ-পোছাকৰ “নিৰ্দেশনা”ৰদাঙি ধৰি এখন নতুন কিতাপ প্ৰকাশ কৰিব। যাৰ ফলত এই ৰাষ্ট্ৰত মহিলাৰ সাজ-পোছাকৰ ওপৰত নিৰীক্ষণ আৰু অধিক কঠোৰ হ’ব।
সমাজৰ ওপৰত তাজাকিস্তান কৰ্তৃপক্ষৰ বহু নিয়ন্ত্ৰণ আছে। য’ত মহিলা আৰু ছোৱালীক প্ৰভাৱিত কৰা বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বৰ এই দেশে শেহতীয়া “পৰম্পৰাগত” সাজ-পোছাকক সমৰ্থন কৰি আহিছে। বিগত বৰ্ষত “জাতীয় সংস্কৃতিৰ বাবে বিদেশী” কাপোৰ নিষিদ্ধ কৰাৰ লগতে উগ্ৰ ইছলামিক সাংস্কৃতিক প্ৰভাৱ নিৰ্মূল কৰিবলৈও চেষ্টা কৰিছে তাজিকিস্তানে।
মহিলাসকলৰ বাবে পৰম্পৰাগত সাজ-পোছাক সাধাৰণতে ৰঙীন এম্ব্ৰয়ডাৰীৰ সৈতে দীঘল হাতৰ আংগাৰখী সাজ-পোছাক উপলব্ধ। যিবোৰ ঢিলা ট্ৰাউজাৰৰ ওপৰত পিন্ধা হয়। তাজাকিস্তানৰ সংস্কৃতি মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই এএফপিক জনোৱা মতে, মন্ত্ৰালয়ে ছোৱালী আৰু মহিলাৰ বাবে জাতীয় সাজ-পোছাকৰ ক্ষেত্ৰত নতুন পৰামৰ্শ দিছে, যিবোৰ জুলাই মাহত প্ৰকাশিত এখন কিতাপত অন্তৰ্ভুক্ত কৰা হ’ব।
মন্ত্ৰালয়ৰ সাংস্কৃতিক প্ৰতিষ্ঠান আৰু লোকশিল্প বিভাগৰ মুৰব্বী খুৰশ্বিদ নিজোমীয়ে কয় যে, সাজ-পোছাক হৈছে জাতীয় সংস্কৃতিৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান। যি তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে আৰু যুগ যুগ ধৰি নিজৰ সৌন্দৰ্য্য অক্ষুণ্ণ ৰাখিছে।
নিজোমিয়ে লগতে কয় যে, এই কিতাপখন প্ৰথম অৱস্থাত বিনামূলীয়াকৈ উপলব্ধ হ’ব, আৰু মহিলাসকলে “বয়স অনুসৰি” কি পিন্ধিব লাগে সেই বিষয়েও ব্যাখ্যা কৰা হ’ব, লগতে ঘৰ, থিয়েটাৰ বা অনুষ্ঠানৰ দৰে বিভিন্ন স্থানলৈ কি পিন্ধিব লাগে সেই বিষয়েও ব্যাখ্যা কৰা হ’ব।
তাজাকিস্তানে ইয়াৰ পূৰ্বেও মহিলাৰ সাজ-পোছাকৰ ৰূপৰেখা দাঙি ধৰি একেধৰণৰ কিতাপ প্ৰকাশ কৰিছিল যদিও নিজোমীয়ে কয় যে, এই কিতাপখন পূৰ্বৰ কিতাপতকৈ উন্নত।