দিল্লীত নতুন চৰকাৰ গঠনৰ পাছত সোমবাৰৰ পৰা আৰম্ভ হ’ব দিল্লী বিধানসভাৰ অধিৱেশন। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে আম আদমি পাৰ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীক বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে।
আপ নেতা সঞ্জীৱ ঝাই বিৰোধী দলৰ নেতাৰ ভূমিকাৰ বাবে আতিশীৰ নাম প্ৰস্তাৱ কৰিছিল। এই প্ৰস্তাৱক দলৰ সকলোৱে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে।
উল্লেখ্য যে, আপে দেওবাৰে বিধায়িনী দলৰ বৈঠক আহ্বান কৰি আগন্তুক বিধানসভাৰ অধিৱেশনৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিছিল। এই বৈঠক দিনৰ প্ৰায় ১ বজাৰ পৰা আপৰ মুখ্য কাৰ্যালয়ত আৰম্ভ হয়।
বৈঠকৰ সময়ত দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয় আৰু এই দায়িত্ব আতিশীৰ হাতত অৰ্পণ কৰা হয়।
স্মৰ্তব্য যে, দিল্লী বিধানসভাত প্ৰথমবাৰৰ বাবে এনেকুৱা হ’ব যে য’ত মুখ্যমন্ত্ৰী আৰু বিৰোধী দলৰ ভূমিকাত মহিলাক দেখা যাব।