পৱিত্ৰ ৰমজান মাহ ১ বা ২ মাৰ্চৰ পৰা আৰম্ভ হ’ব। যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। ৰমজানৰ বাবে বজাৰত মানুহৰ ভিৰ হ’বলৈ আৰম্ভ কৰিছে। বজাৰত খাদ্য সামগ্ৰীৰ লগতে কাপোৰৰ দাম বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এই মাহত সমগ্ৰ বিশ্বৰ মুছলমানসকলে নামাজ, ৰোজা আৰু জাকাত পালন কৰে আৰু আল্লাহৰ পথ অনুসৰণ কৰে।
পিছে যিমানেই পৱিত্ৰ ৰমজান মাহ কাষ চাপি আহিছে, সিমানেই চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বজাৰত বস্তুৰ মূল্য বৃদ্ধি হৈছে। ৰমজান কাষ চাপি অহাৰ লগে লগে পঞ্জাৱৰ লগতে লাহোৰ তথা অন্য শিবিৰ কেন্দ্ৰসমূহত বস্তুৰ আকাশলংঘী মূল্যই সকলোৰে চকু কঁপালত উঠাইছে। খেজুৰ, কল, ডালিম, আপেল আদি ফল-মূলৰ লগতে সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে। যাৰ বাবে গ্ৰাহকৰ বাবে অত্যাৱশ্যকীয় খাদ্য-বস্তু ক্ৰয় কৰাটো সমস্যা হৈ পৰিছে।
সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাটো চৰকাৰী কৰ্তৃপক্ষৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। কিয়নো আগন্তুক সপ্তাহত সতেজ উৎপাদিত সামগ্ৰী আৰু বতৰৰ শাক-পাচলিৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে নতুনকৈ শস্যৰ আগমনে কিছু সকাহ দিব পাৰে।
ৰমজানৰ আগমনৰ লগে লগে দাম বৃদ্ধি চৰকাৰৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে। বিশেষ হাৰত সামগ্ৰী বিক্ৰীৰ বাবে পঞ্জাৱ চৰকাৰে ৰমজানত বিশেষ বজাৰ খুলিব পাৰে। য’ত সঠিক দামত উপযুক্ত খাদ্য সামগ্ৰী উপলব্ধ হ’ব।
যিহেতু এই বছৰত কোনো উচিত মূল্যৰ দোকান বা ৰাজসাহায্য প্ৰৱৰ্তন কৰা হোৱা নাই, যাৰ ফলত নাগৰিকে আকাশলংঘী মূল্যৰ সৈতে যুঁজিবলগীয়া হৈছে। চৰকাৰী হস্তক্ষেপৰ অভাৱত বহু গ্ৰাহকে হতাশা প্ৰকাশ কৰিছে।
পাকিস্তানৰ এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দৈনিক মজুৰি শ্ৰমিক মহম্মদ আৰিফে দুখ প্ৰকাশ কৰে যে, প্ৰতি বছৰে ৰমজানৰ পূৰ্বে দাম আকাশলংঘী হয়, যাৰ ফলত মজুৰি স্থবিৰ হৈ থকাৰ সময়ত মানুহে মৌলিক ফল-মূল ক্ৰয় কৰাত অসুবিধাৰ সৃষ্টি কৰে।