বিগত ২৫ ফেব্ৰুৱাৰীত নেপালত দীৰ্ঘদিনীয়া প্ৰেমিক বৃশংক খানালৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ‘মিছমেচড’ অভিনেত্ৰী প্ৰজাক্তা কোলীৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ‘মিছমেচড’ অভিনেত্ৰীগৰাকীৰ এই বিবাহ আছিল অতি বিশেষ, কাৰণ তেওঁ স্বামীৰ পৰম্পৰা অতি ভালদৰে পালন কৰিলেও বিবাহত পুৰণি ৰীতি-নীতিও ভংগ কৰে।
দৰাচলতে অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পুৰণি ৰীতি-নীতি সলনি কৰি এগৰাকী মহিলা পুৰোহিতৰ উপস্থিতিত বিবাহৰ ৰীতি-নীতি সম্পন্ন কৰিছিল। কেৱল এয়াই নহয়, তেওঁ এনে এটা গীতত নাচিছিল, যি কোনোৱেও কল্পনা কৰা নাছিল।
ভিডিঅ’টোত প্ৰজাক্ত কোলীক চুলিত গজৰা লৈ গোলাপী ৰঙৰ শাৰী পিন্ধি বন্ধুৰ সৈতে নাচি থকা দেখা গৈছে। ইফালে বেকগ্ৰাউণ্ডত বাজি উঠিছে ‘দ্য কপিল শৰ্মা শ্ব’ৰ গুত্থিৰ ধেমেলীয়া গীত ‘জিন্দাগী বৰবাদ হো গয়া’।
ৱৰ্ক ফ্ৰন্টৰ কথা ক’লে প্ৰজাক্তাই কোলীয়ে জুগজুগ জিঅ’ৰ জৰিয়তে বলীউডত অভিষেক ঘটায়। আনহাতে তেওঁ ‘মিছমেচড’ৰ পৰা জনপ্ৰিয়তা লাভ কৰে।