ইতিমধ্যে চেম্পিয়নছ ট্ৰফী ২০২৫ত গ্ৰুপ Aৰ পৰা ছেমি ফাইনেললৈ যোৱা দুটা দলৰ স্থান নিশ্চিত কৰা হৈছে। কিন্তু এতিয়াও গ্ৰুপ Bত এই স্থান নিশ্চিত হোৱা নাই।
গ্ৰুপ Bত ২৮ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত প্ৰতিযোগিতাখনৰ এখন অতি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব আৰু ইয়েই দুয়োটা দলৰ ভাগ্য নিৰ্ণয় কৰিব।
এফালে আফগানিস্তানৰ কেংগাৰু দলটোৱে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পিছে লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখন বৰষুণৰ বাবে বাতিল হোৱাৰ সম্ভাৱনা আছে।
যদি এনেকুৱা হয়, তেন্তে কোনটো দলে ছেমি ফাইনেলত খেলিব সম্পূৰ্ণ সমীকৰণটো জানো আহক-
অষ্ট্ৰেলিয়াৰ দলটোৱে গ্ৰুপ Bত ২ খন খেল খেলিছে। এই সময়ছোৱাত ইংলেণ্ডৰ বিৰুদ্ধে দলটোৱে জয় লাভ কৰে। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন খেল বৰষুণৰ বাবে বাতিল কৰা হয়।
এইদৰে কেংগাৰু দলটোৱে ৩ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে।
ইফালে আফগানিস্তানে প্ৰথমখন মেচতে দক্ষিণ আফ্ৰিকাৰ হাতত তীব্ৰ পৰাজয়ৰ সন্মুখীন হয়।দ্বিতীয়খন খেলত ইংলেণ্ডৰ বিৰুদ্ধে আফগান দলটোৱে ঐতিহাসিক জয় পঞ্জীয়ন কৰে।
এইদৰে বৰ্তমান ইয়াৰ পইণ্ট আছে ২ আৰু নেট ৰান হৈছে -০.৯৯০। আনহাতে ইংলেণ্ড দল ইতিমধ্যে বাহিৰ হৈছে আৰু দক্ষিণ আফ্ৰিকা দলে ২খন মেচৰ পৰা ৩ পইণ্ট আৰু নেট ৰান ৰেট +২.১৪০ লৈ প্ৰথম স্থানত আছে। অৰ্থাৎ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে আফগানিস্তানৰ দলটোৱে যিকোনো মূল্যৰ বিনিময়ত জয়লাভ কৰাটো প্ৰয়োজনীয়। তেতিয়াহে ৪ পইণ্টেৰে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাক অতিক্ৰম কৰিব পাৰিব।
কিন্তু যদি মেচখন বৰষুণত হয়, তেন্তে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই ৪ পইণ্টেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে আফগানিস্তানে ৩ পইণ্টেৰে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব। কাৰণ দক্ষিণ আফ্ৰিকাৰ দলটোৱে অন্তিমখন মেচত পৰাস্ত হ’লেও ইয়াৰ পইণ্ট আফগানিস্তানৰ পইণ্টৰ সমান হ’ব৷ কিন্তু নেট ৰাণ ৰেট ভাল হোৱাৰ বাবে ই পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব।