গুৱাহাটীলৈ আহিব লাগিব মোহময়ী অভিনেত্ৰী তমন্না ভাটিয়া। গুৱাহাটীৰ ED কাৰ্যালয়ত উপস্থিত হ’ব লাগিব বলীউড মোহময়ী অভিনেত্ৰীগৰাকী। ক্ৰিপ্টোকাৰেন্সী জালিয়াতিত জড়িত থকাৰ অভিযোগ উঠিছে অভিনেত্ৰী তামান্না ভাটিয়াৰ বিৰুদ্ধে।
তেওঁৰ বিৰুদ্ধে কইম্বাটুৰৰ এটা প্ৰতিষ্ঠানৰ সৈতে জড়িত বিনিয়োগকাৰীক উচ্চ লাভৰ ভুৱা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইফালে তামান্নাৰ লগতে এনেধৰণৰ কাৰ্যত অভিনেত্ৰী কাজল আগৰৱালৰো নাম সাঙোৰ খাইছে।
২০২২ চনত আৰম্ভ হোৱা কোম্পানীটোৱে অনুষ্ঠান আয়োজন কৰি আৰু হাই-প্ৰফাইল বিনিয়োগকাৰীক আকৰ্ষণ কৰা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, কোম্পানীটোৰ গ্ৰেণ্ড লঞ্চত তামান্না ভাটিয়াই অংশগ্ৰহণ কৰাৰ বিপৰীতে কাজল আগৰৱালেও আন এটা কৰ্পৰেট অনুষ্ঠানত উপস্থিত থাকে য’ত শীৰ্ষ বিনিয়োগকাৰীক বিলাসী উপহাৰ দিয়া হয়।
খবৰ অনুসৰি, এনে কাৰ্যসূচীত ১০ লাখৰ পৰা ১ কোটি টকাৰ বাহন ১০০ৰো অধিক বিনিয়োগকাৰীক বিতৰণ কৰা হয়। এই কেলেংকাৰীৰ লগত মুম্বাইত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ ক্ৰুজ পাৰ্টিও জড়িত আছিল, যিয়ে বিনিয়োগকাৰীক অধিক ধন জমা কৰিবলৈ প্ৰৰোচিত কৰা বুলি অভিযোগ উঠিছে।
আনহাতে ফাৰ্মখনৰ সৈতে তামান্না জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই তামান্না ভাটিয়াই এই অভিযোগ অস্বীকাৰ কৰি এক বিবৃতি প্ৰকাশ কৰিছে। এনে প্ৰতিবেদনক “ভুৱা আৰু বিভ্ৰান্তিকৰ” বুলি অভিহিত কৰি তামানাই কয় যে, আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
ইতিমধ্যে একাধিক অভিযোগৰ প্ৰতি সঁহাৰি জনাই আৰক্ষীয়ে ব্যাপক তদন্ত আৰম্ভ কৰিছে।












