১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা চেম্পিয়নছ ট্ৰফীৰ অন্তিমখন গ্ৰুপ পৰ্যায়ৰ মেচত আজি নিউজিলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰত। মেচখনত জয়ী হৈ গ্ৰুপৰ শীৰ্ষত থকাৰ লক্ষ্যৰে আজিৰ মেচখনত অৱতীৰ্ণ হ’ব ভাৰত।
ইফালে এই মেচখন ভাৰতীয় দলটোৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ এদিনীয়া কেৰিয়াৰৰ ৩০০ সংখ্যক মেচ হ’ব। দেশৰ সপ্তমগৰাকী ক্ৰিকেটাৰ হিচাপে এই অনন্য কৃতিত্বৰ অধিকাৰী হ’ব কোহলি।
কেৰিয়াৰৰ ৩০০ সংখ্যক মেচত কেইবাটাও অভিলেখ ৰচনাৰ সুযোগ লাভ কৰিব কোহলিয়ে। আজিৰ মেচখনত ৫১ ৰান সংগ্ৰহ কৰিব পাৰিলেই কোহলিয়ে চেম্পিয়নছ ট্ৰফীৰ ইতিহাসত ভাৰতীয় দলৰ হৈ সৰ্বাধিক ৰান কৰাৰ অভিলেখ ৰচিব।
চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ আছে শিখৰ ধাৱানৰ নামত। ধাৱানে চেম্পিয়নছ ট্ৰফীৰ ১০ খন মেচত ৭০১ ৰান সংগ্ৰহ কৰিছে। আনহাতে কোহলিয়ে এতিয়ালৈকে ১৫ খন মেচত ৬৫১ ৰান সংগ্ৰহ কৰিছে। ৭৯১ ৰানেৰে সামগ্ৰিকভাৱে এই তালিকাৰ শীৰ্ষত আছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন তাৰকা ক্ৰিছ গেইল।
ইফালে আজিৰ মেচখনত শচীন তেণ্ডুলকাৰৰ এক অভিলেখ ভংগ কৰাৰো সুযোগ লাভ কৰিব কোহলিয়ে। ভাৰতৰ হৈ নিউজিলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰৰ শীৰ্ষত আছে শচীন। শচীনে কিৱি বাহিনীৰ বিৰুদ্ধে ৪২ খন মেচত ১৭৫০ ৰান সংগ্ৰহ কৰিছিল। আনহাতে কোহলিয়ে এই পৰ্যন্ত ৩১ খন মেচত ১৬৪৫ ৰান সংগ্ৰহ কৰিছে।
আনহাতে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়াত সৰ্বাধিক শতক অৰ্জনৰ ক্ষেত্ৰত সম্প্ৰতি ছয়টাকৈ শতকেৰে সেহৱাগৰ সৈতে যুটীয়াভাৱে শীৰ্ষত আছে কোহলি। যদি আজিৰ মেচখনত কোহলিয়ে শতক অৰ্জন কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ এই ক্ষেত্ৰত সেহৱাগক অতিক্ৰম কৰি শীৰ্ষত স্থানত অৱতীৰ্ণ হ’ব।