পৱিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰোজা আৰম্ভ কৰে। এই ৰমজান মাহত ৰোজা অৰ্থাৎ সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে প্ৰতিদিনে ৰোজা পালন কৰা হয়।
ৰমজানৰ ৰোজা কোনো ধাৰণা বা ইতিহাসৰ লগত জড়িত নহয়, বৰঞ্চ ই আল্লাহৰ আদেশ। ৰমজানত ৰোজা ৰখা প্ৰতিজন মুছলমানৰ বাবে দ্বায়িত্ব।
ইছলাম ধৰ্মাৱলম্বীৰ বিশ্বাস অনুসৰি, ৰোজা মানে কেৱল উপবাসত থকাটো নহয়, বৰঞ্চ ই এনে এক সময় য’ত প্ৰতিজন মুছলমান ব্যক্তিয়ে ৰোজা ৰখাৰ লগতে প্ৰতিটো বেয়াৰ কৰ্মৰ পৰা আঁতৰি থাকে। তৃতীয় ৰোজাৰ গুৰুত্ব কি জানো আহক-
তৃতীয় ৰোজাৰ গুৰুত্ব-
তৃতীয় ৰোজাৰ অৰ্থ হ’ল- যদি পথ সত্য হয় তেন্তে গন্তব্যস্থানত উপনীত হোৱাটো সহজ হৈ পৰে। ৰোজাও এনেকুৱা। ইছলাম ধৰ্মত তৃতীয় ৰোজাক দয়া আৰু সকাহৰ আগজাননী বুলি কোৱা হৈছে। ইয়াত ৰহমত মানে আল্লাহৰ দয়া, ৰাহাতৰ অৰ্থ হ’ল আৰাম আৰু ৰহবৰ মানে পথ প্ৰদৰ্শক। গতিকে ৰমজানৰ এই তৃতীয় ৰোজাৰ দিনাখন উপবাসে থাকিলে মঙ্গলৰ পথ অনুসৰণ কৰাত সহায়ক হয় বুলি প্ৰমাণিত হয়, কাৰণ উপবাসে অধৰ্মক ৰোধ কৰে।
ইছলামৰ ধৰ্মীয় গ্ৰন্থ কোৰান-ই-পাকৰ প্ৰথম অংশত ‘আলবাকাৰাহ’ৰ ২১৩ নং আয়াতত উল্লেখ আছে যে, ‘বল্লাহ ইয়াহদি মায়ানছাউ ইলা চিৰাতিম মুস্তাকিম।’ ইয়াৰ অনুবাদ হৈছে ‘আল্লাই যাক ইচ্ছা কৰে তেওঁকেই পথ প্ৰদৰ্শন কৰে।
যেতিয়া এজন ব্যক্তিয়ে উপবাসে থাকে আৰু অপকৰ্মৰ পৰা আঁতৰি থাকে আৰু নিজৰ ইন্দ্ৰিয়বোৰ নিয়ন্ত্ৰণ ৰাখে, তেতিয়া তেওঁ সঠিক পথত খোজ দিবলৈ আৰম্ভ কৰে। সেইবাবেই কোৱা হয় যে, ৰোজা হৈছে দয়া আৰু সকাহৰ আগজাননী। সদিচ্ছাৰে পালন কৰা ৰোজা হৈছে এজন প্ৰকৃত আৰু ভাল মুছলমানৰ পৰিচয়।