আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কংগ্ৰেছৰ যুটীয়া অধিৱেশন সম্বোধন কৰি কয় যে ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ শান্তি চুক্তিৰ বাবে সাজু হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি। এই সন্দৰ্ভত জেলেনস্কিয়ে এখন পত্ৰ লিখা বুলিও উল্লেখ কৰে।
জেলেনস্কিয়ে লিখা পত্ৰখনত উল্লেখ আছে যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ তেওঁলোক আলোচনাৰ মজিয়ালৈ আহিবলৈ সাজু। ট্ৰাম্পৰ নেতৃত্বত কাম কৰাৰ বাবে সাজু বুলিও উল্লেখ কৰে জেলেনস্কিয়ে।
ভাষণত ট্ৰাম্পে কয় যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত প্ৰতি সপ্তাহত দুয়ো পক্ষৰ কমেও ২০০০ লোকৰ প্ৰাণ হানি হৈ আছে। এই মৃত্যুৰ খেলখন এতিয়া তেওঁলোকে বন্ধ কৰিব বিচাৰিছে। এই যুদ্ধৰ অন্ত পেলোৱাৰ সময় আহি পৰিছে।
ড’নাল্ড ট্ৰাম্পে কয় যে আজি তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ লাভ কৰিছে, য’ত উল্লেখ কৰিছে যে আলোচনাৰ মেজলৈ আহিবলৈ সাজু কীভ। জেলেনস্কিয়ে কয় যে তেওঁৰ দলটোৱে স্থায়ী শান্তিৰ বাবে ট্ৰাম্পৰ নেতৃত্বত কাম কৰিবলৈ সাজু। আমেৰিকাই ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা বজাই ৰখাত বহুখিনি সহায় কৰিছে বুলিও শলাগ লয়। ইউক্ৰেইন খনিজ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰিবলৈও সাজু।
উল্লেখ্য যে, বিগত ২৮ ফেব্ৰুৱাৰীত ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত হোৱা তৰ্কাতৰ্কিয়ে আলোড়নৰ সৃষ্টি কৰিছিল বিশ্বত। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক হোৱাইট হাউছলৈ আমন্ত্ৰণ কৰি আনি সাংবাদিকৰ কেমেৰাৰ সন্মুখতে ৰাষ্ট্ৰপতি ট্ৰাম্পে দিছিল ধমক। আমেৰিকাৰ কোনো কথাত অমান্তি হোৱা বাবেই দুয়োজন নেতাৰ মাজত হৈছিল বাকযুদ্ধ।
এই ঘটনাৰ পিছতে আমেৰিকাই ইউক্ৰেইনলৈ কোনোধৰণৰ সামৰিক সাহায্য প্ৰদান নকৰাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমেৰিকাৰ এই সিদ্ধান্তৰ পিছতে অধিক বিপদৰ আশংকাত ভুগিয়েই হয়তো ইউক্ৰেইনে শান্তি চুক্তিৰ বাবে মান্তি হৈছে।