বিশ্বৰ ক্ৰিকেট অনুৰাগীক হতচকিত কৰি এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে ষ্টিভ স্মিথে। চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৩৫ বছৰীয়া ষ্টিভ স্মিথে।
৪ মাৰ্চত অনুষ্ঠিত হোৱা ছেমি ফাইনেলত ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া।
ক্ৰিকেট অষ্ট্ৰেলিয়া ব’ৰ্ডে জানিব দিয়া অনুসৰি, ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হোৱা ছেমিফাইনেল মেচখনৰ পিছতেই স্মিথে সতীৰ্থ খেলুৱৈসকলৰ কাষ চাপে আৰু তেওঁলোকক অৱসৰ লোৱাৰ কথা অৱগত কৰে।
এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলেও স্মিথে দেশৰ হৈ টি-২০ আৰু টেষ্ট ক্ৰিকেট খেলি যাব। কালি অনুষ্ঠিত হোৱা ছেমিফাইনেল মেচখনত স্মিথে ৭৩ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল।
উল্লেখ্য যে, এদিনীয়া ক্ৰিকেটত স্মিথৰ অভিষেক ঘটিছিল ২০১০ চনৰ ১৯ ফেব্ৰুৱাৰীত। প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত তেওঁৰ প্ৰতিপক্ষ আছিল ৱেষ্টইণ্ডিজ। এজন লেগ স্পিনাৰৰ ৰূপত কেৰিয়াৰ আৰম্ভ কৰা স্মিথ আজি বিশ্বৰ অন্যতম মহান বেটাৰ।
স্মিথে নিজৰ এদিনীয়া কেৰিয়াৰত খেলা ১৭০ খন মেচত ৪৩.২৮ গড়ে সৰ্বমুঠ ৫,৮০০ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ১২টা শতক আৰু ৩৫টা অৰ্ধশতক। আনহাতে তেওঁ লাভ কৰিছে ২৮টা উইকেট।
স্মৰ্ত্যব্য যে, অষ্ট্ৰেলিয়া দলক নেতৃত্ব প্ৰদান কৰা স্মিথ দুবাৰৰ এদিনীয়া বিশ্বকাপ জয়ী অষ্ট্ৰেলিয়া দলৰ অংশ আছিল। ২০১৫ আৰু ২০২৩ চনৰ বিশ্বকাপ জয়ৰ অংশ আছিল স্মিথ।