হিন্দী ছবি জগতৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে এৰিলে মুম্বাই। এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে কাশ্যপে। তেওঁৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, তেওঁ বাংগালুৰুলৈ স্থানান্তৰিত হৈছে।
উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত কাশ্যপে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ মুম্বাই এৰি দক্ষিণ ভাৰতলৈ যোৱাৰ পৰিকল্পনা কৰিছে।
দ্য হিন্দুৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছবি নিৰ্মাতাগৰাকীয়ে কয়, মই ছবি জগতৰ লোকৰ পৰা আঁতৰি থাকিব বিচাৰো। এই উদ্যোগটো অতি বিষাক্ত হৈ পৰিছে। সকলোৱে অবাস্তৱ লক্ষ্যৰ পিছত দৌৰি ফুৰিছে, ৫০০ বা ৮০০ কোটি টকাৰ ছবি নিৰ্মাণৰ চেষ্টা কৰি আছে। সৃষ্টিশীল পৰিৱেশ নাইকিয়া হৈ গৈছে।
এটা সূত্ৰই জনোৱা মতে ইতিমধ্যেই বাংগালুৰুলৈ স্থানান্তৰিত হৈছে অনুৰাগ কাশ্যপ।
উল্লেখ্য যে, অলপতে এজন হলিউদ ৰিপোৰ্টাৰক দিয়া এটা সাক্ষাতকাৰত অনুৰাগ কাশ্যপে কয় যে তেওঁ বলিউদৰ মানসিকতাক লৈ যথেষ্ট হতাশ। তেওঁ কয়, ‘এতিয়া মোৰ বাবে ওলাই গৈ পৰীক্ষা-নিৰীক্ষা কৰাটো কঠিন হৈ পৰিছে কাৰণ ইয়াৰ বাবে যথেষ্ট খৰচ হয়, আৰম্ভণিৰে পৰাই মোৰ মেকাৰসকলে লাভ আৰু মাৰ্জিনৰ কথা চিন্তা কৰে। ছবিখন আৰম্ভ হোৱাৰ আগতেই কেনেকৈ বিক্ৰী কৰিব লাগে সেইটো চৰ্চাৰ বিষয় হৈ পৰে।’
তেওঁ লগতে কয়, ‘চলচ্চিত্ৰ নিৰ্মাণৰ আনন্দ নোহোৱা হৈছে। সেয়ে মই অহা বছৰ মুম্বাইৰ পৰা ওলাই যাব বিচাৰো। মই দক্ষিণলৈ গৈ আছো। য’ত উত্তেজনা থাকে তাতেই যাব বিচাৰো। নহ’লে মই বুঢ়া হৈ মৰি যাম। নিজৰ উদ্যোগটোক লৈ মই অত্যন্ত হতাশ। এই মানসিকতাৰ প্ৰতি মোৰ বিতৃষ্ণা। কোনেও নতুন কৰাৰ একো চেষ্টা নকৰে।’