ভাৰতৰ দুই প্ৰতিৱেশী দেশ চীন আৰু পাকিস্তান সম্পৰ্কত ডাঙৰ মন্তব্য কৰিছে ভাৰতীয় স্থল সেনা প্ৰধান জেনেৰেল উপন্দ্ৰ দ্বিবেদীয়ে। দুয়োখন দেশৰ মাজত চলি থকা সংঘাতপূৰ্ণ পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ চীনক বিশ্বাস কৰাটো অত্যন্ত কঠিন বুলি মন্তব্য কৰে।
ইফালে সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাত পাকিস্তান চূড়ান্ত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি সেনা প্ৰধানগৰাকীয়ে কয়, ‘ভাৰতীয় সেনাই দ্ৰুতগতিত আধুনিক প্ৰযুক্তি গ্ৰহণ কৰি প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত।’
চীনৰ সৈতে সম্ভাৱ্য যুদ্ধৰ পৰিস্থিতি সন্দৰ্ভত জেনেৰেল দ্বিবেদীয়ে কয় যে ভাৰতীয় সেনাই ড্ৰ’ন প্ৰযুক্তিকে ধৰি নতুন সামৰিক সামৰ্থ্যৰ ওপৰত অহৰহ কাম কৰি আছে।
তেওঁ লগতে কয় যে ভাৰতত এনে উন্নত ড্ৰ’ন আছে যিয়ে এ কে ৪৭ চলাব পাৰে আৰু ক্ষেপণাস্ত্ৰও নিক্ষেপ কৰিব পাৰে। যদি চীনৰ পৰা ড্ৰ’ন আক্ৰমণ হয়, তেন্তে ভাৰতো একে শক্তিৰে প্ৰত্যুত্তৰ দিবলৈ সম্পূৰ্ণ সক্ষম।
একে সময়তে তেওঁ স্পষ্টকৈ কয় যে চীনক বিশ্বাস কৰিব নোৱাৰি। যদিও যুদ্ধ কোনো দেশৰ স্বাৰ্থত নহয়, কিন্তু প্ৰয়োজন হ’লে ভাৰতীয় সেনাই সম্পূৰ্ণ প্ৰস্তুতিৰে ইয়াৰ উত্তৰ দিবলৈ সক্ষম।
ইফালে পাকিস্তান সন্দৰ্ভত জেনেৰেল দ্বিবেদীয়ে কয় যে সন্ত্ৰাসবাদ বন্ধ কৰাৰ বাবে কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নাই। ইয়াৰ বাবে ভাৰতীয় সেনা সদা সক্ৰিয় হৈ থাকিব লাগিব।
তেওঁ লগতে কয় যে জম্মু-কাশ্মীৰ, য’ত আগতে সন্ত্ৰাসবাদৰ ঘাটি আছিল, এতিয়া তাত বহু পৰিমানে শান্তি ঘূৰি অহাৰ লগতে পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই বহু সফল অভিযান চলাই অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা কঢ়িয়াই আনিছে।
এটা আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আয়োজন কৰা এখন কনক্লেভত ভাৰতীয় সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে এই মন্তব্য কৰে।