মুম্বাইৰ পৰা আহিছে এক হৃদয় বিদাৰক খবৰ। এটা নিৰ্মাণাধীন অট্টালিকাৰ পানীৰ টেংকি চাফা কৰি থকাৰ সময়তে ৫ গৰাকী শ্ৰমিকৰ মৃত্যু হয়। বি এম চিৰ তথ্য অনুসৰি, অগ্নিনিৰ্বাপক বাহিনীয়ে ততাতৈয়াকৈ শ্ৰমিক কেইজনক হাস্পতাললৈ লৈ যায় যদিও তেওঁলোকক মৃত বুলি ঘোষণা কৰে। দেওবাৰে সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে মৃত শ্ৰমিক কেইজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে। এই ঘটনাৰ পিছতে অঞ্চলটোত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।
জানিব পৰা অনুসৰি, শ্ৰমিক কেইজনে বহু সময়লৈকে টেংকিৰ ভিতৰত সোমাই থকা দেখি স্থানীয় লোকৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলত উপস্থিত হৈ লোক কেইজনক উদ্ধাৰ কৰি সমীপৰে জে জে হাস্পতাললৈ প্ৰেৰণ কৰে। অৱশ্যে আটাই কেইজন শ্ৰমিককে চিকিৎসকে মৃত ঘোষণা কৰে।
নাগপাড়া অঞ্চলত অৱস্থিত বিছমিল্লাহ স্পেচ বিল্ডিঙত দুপৰীয়া প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। ৫ জন শ্ৰমিকে পানীৰ টেংকি চাফা কৰিবলৈ ভিতৰলৈ সোমাই যায় যদিও শ্বাসৰুদ্ধ হোৱাৰ বাবে পাঁচোজনৰ মৃত্যু হয়।
সম্প্ৰতি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।