শীঘ্ৰেই অপেক্ষাৰ অৱসান ঘটিব।৯ মাহৰ পিছত পৃথিৱীলৈ উভতি আহিব নাছাৰ দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলমোৰ।
বিগত ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত নাছাৰ এই দুই মহাকাশচাৰী সুনীতা আৰু উইলমোৰ আৱদ্ধ হৈ আছিল। এতিয়া তেওঁলোকক পৃথিৱীলৈ ওভোতাই অনাৰ প্ৰস্তুতি চলাই আছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ই।
২০২৪ চনৰ ৫ জুনত ১০ দিনীয়া অভিযানৰ বাবে বয়িং ষ্টাৰলাইনাৰৰে সুনীতা আৰু উইলমোৰে মহাকাশলৈ উৰা মাৰিছিল যদিও কোনো কাৰিকৰী ত্ৰুটিৰ বাবে তেওঁলোকৰ উভতি অহা বন্ধ হৈ পৰে।
নাছাই নিশ্চিত কৰিছে যে, শীঘ্ৰেই এই দুই মহাকাশচাৰীক পৃথিৱীলৈ ওভোতাই অনা হব। কেনেদৰে আৰু কোন মহাকাশযানৰে পৃথিৱীলৈ উভতিব, সেই সম্পৰ্কে নাছাই সদৰী কৰিছে বিশেষ তথ্য। পূৰ্বৰ নিৰ্ধাৰিত সূচীৰ কিছু সাল-সলনি কৰি ১৬ মাৰ্চত উইলিয়ামছ আৰু উইলমোৰ পৃথিৱীলৈ ঘূৰি আহিব বুলি নিশ্চিত কৰে নাছাই।
নাছাই তেওঁলোকক ওভোতাই অনাৰ বাবে স্পেচএক্স ড্ৰেগন ক্ৰু প্ৰেৰণৰ অনুমোদন জনাইছে। অহা ১২ মাৰ্চত এই ক্ৰু উৎক্ষেপন কৰিব নাছাই। অহা ১২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ক্ৰু-১০ অভিযান।
খবৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কেও এই বিষয়ত ৰাজহুৱাভাৱে মন্তব্য কৰে। অৱশ্যে নাছাই কয় যে এই সিদ্ধান্ত আগতীয়াকৈ পৰিকল্পনা কৰা হৈছে।