মৰিছাছত সৰ্বোচ্চ সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৰিছাছৰ প’ৰ্ট লুইছত ভাৰতীয় সমাজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভোজপুৰী ভাষাত ভাষণ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আপোনালোকৰ সিদ্ধান্তক (সৰ্বোচ্চ সন্মান দিয়াৰ) মই বিনম্ৰভাৱে মানি লৈছো। ভাৰত আৰু মৰিছাছৰ ঐতিহাসিক সম্পৰ্কৰ প্ৰতি এয়া সন্মান। এয়া ১৪০ কোটি লোকৰ সন্মান।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘এটা সময় আছিল যেতিয়া ভাৰতত মিঠাইৰ বাবে চেনি মৰিছাছৰ পৰা আহিছিল। হয়তো সেইবাবেই গুজৰাটীত চেনীক মোৰাছ বুলিও কোৱা হয়। সময়ৰ লগে লগে ভাৰত-মৰিছাছৰ সম্পৰ্কৰ মধুৰতা আৰু অধিক মজবুত হৈ পৰিছে। এই মধুৰতাৰে মই মৰিছাছৰ সকলো জনসাধাৰণক ৰাষ্ট্ৰীয় দিৱসত আন্তৰিকতাৰে অভিনন্দন জনাইছো।’
‘আমাৰ পূৰ্বপুৰুষৰ তেজ আৰু ঘাম মৰিচাছৰ মাটিত আছে’
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছ ভ্ৰমণৰ পুৰণি কথাও উল্লেখ কৰে। তেওঁ কয়, ‘যেতিয়া মই ১০ বছৰ পূৰ্বে মৰিছাছলৈ আহিছিলো, তেতিয়া এসপ্তাহ সমাপ্ত হৈছিল হোলী। এইবাৰ মই মৰিছাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। ইয়ালৈ আহিলেই মোৰ নিজৰ মানুহৰ মাজলৈ অহাৰ দৰে অনুভৱ হয়। ইয়াৰ মাটি, বতাহ আৰু পানীক নিজৰ বুলি অনুভৱ হয়। ইয়াত ভাৰতৰ সুগন্ধি আছে। ইয়াৰ মাটিত আছে আমাৰ পূৰ্বপুৰুষৰ তেজ আৰু ঘাম। আমি সকলোৱেই এটা পৰিয়াল।’
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত বিহাৰৰ প্ৰসংগৰ লগতে মহাকুম্ভ মেলাৰ কথাও উল্লেখ কৰে।