পঞ্জাৱৰ মোগাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কোনো অচিনাক্ত দুৰ্বৃত্তই এটা ৰাজনৈতিক দলৰ এজন জিলা মুৰব্বীক গুলীয়াই হত্যা কৰিছে। আৰক্ষীয়ে নিহত লোকজনক মংগট ৰায় বুলি চিনাক্ত কৰিছে।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে দীৰ্ঘদিনৰ পৰা শিৱসেনা দলৰ সৈতে জড়িত মংগট ৰায় আছিল জিলা মুৰব্বী। বৃহস্পতিবাৰে নিশা ১০ বজাত আক্ৰমণৰ বলি হৈছিল ৰায়। সম্প্ৰতি আৰক্ষীয়ে অচিনাক্ত আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে নিশা প্ৰায় ১০ বজাত মংগট ৰায়ক গিল পেলেচৰ সমীপত গাখীৰ ক্ৰয় কৰিবলৈ যোৱাৰ সময়ত অচিনাকি দুৰ্বৃত্তই আক্ৰমণ কৰে। তিনিজন আক্ৰমণকাৰীয়ে তেওঁক গুলীচালনা কৰি পিছত সেই স্থানৰ পৰা পলায়ন কৰে।
মংগট ৰায়ৰ ওপৰত গুলীচালনাৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলত উপস্থিত হোৱা স্থানীয় আৰক্ষীয়ে তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। য’ত চিকিৎসকৰ দলে তেওঁক মৃত ঘোষণা কৰে।
বৰ্তমান আৰক্ষীয়ে এই বিষয়ত বহু লোকক জেৰা অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে অঞ্চলটোত স্থাপন কৰা চিচিটিভি ফুটেজৰ তদন্তও অব্যাহত ৰাখিছে।