১৪ মাৰ্চত আমিৰ খানৰ ৬০তম জন্মদিন উদযাপন কৰা হৈছে। জন্মদিনৰ এদিন পূৰ্বে ছুপাৰষ্টাৰগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে তেওঁৰ এই বিশেষ দিনটো উদযাপন কৰে।
এই সময়ত আমিৰ খানে সকলোকে নিজৰ নতুন প্ৰেমিকাক চিনাকি কৰাই দি তেওঁলোক সম্পৰ্কত থকা বুলি নিশ্চিত কৰে। তেওঁৰ প্ৰেয়সীৰ নাম গৌৰী স্প্ৰাট। আমিৰে গৌৰীৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীও নিয়োগ কৰিছে।
আমিৰ খানক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ গৌৰী স্প্ৰাটৰ বাবে কোনো নিৰাপত্তাৰক্ষী নিয়োগ কৰা বুলিও জানিবলৈ দিয়ে। গৌৰী স্প্ৰাটক সংবাদ মাধ্যমৰ আগত চিনাকি কৰাই দিওঁতে আমিৰে কয় যে, নিজৰ লগতে গৌৰীৰ শান্তিৰ বাবে তেওঁ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।
তেওঁ লগতে কয় যে, গৌৰীক তেওঁ ২৫ বছৰ পূৰ্বে লগ পাইছিল আৰু এতিয়া তেওঁলোক ইজনে সিজনৰ প্ৰতি দায়বদ্ধ। ইফালে তেওঁলোক একেলগে থকা ডেৰ বছৰ হ’ল বুলিও জানিবলৈ দিয়ে আমিৰ খানে।