কানাড়া অভিনেত্ৰী ৰন্যা ৰাও এইকেইদিন বাতৰিৰ শিৰোনামত আছে। ডুবাইৰ পৰা সোণ সৰবৰাহৰ অভিযোগত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰী ৰন্যা ৰাওক।
ডি আৰ আইৰ বিষয়াৰ তদন্তৰ সময়ত ৰন্যা ৰাৱে কেনেকৈ বিমানবন্দৰৰ পৰা অবৈধভাৱে সোণ কঢ়িয়াই লৈ ফুৰিছিল বুলি সেই কথা পোহৰলৈ আহিছে। ডি আৰ আইৰ তদন্তত প্ৰকাশ পাইছে যে, কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ডুবাইৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা সোণখিনি চৰকাৰী বাহনত কঢ়িয়াই লৈ ফুৰিছিল ৰন্যা ৰাৱে।
ইফালে, চিবিআই বিষয়া গৌৰৱ গুপ্তাৰ নেতৃত্বত তদন্তকাৰী দলে কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰট’কল কৰ্মচাৰীলৈ জাননী জাৰি কৰিছে। বাসৱৰাজু, মহন্তেশ আৰু ভেংকতৰাজু নামৰ ৩জন কৰ্মচাৰীলৈ জাননী জাৰি কৰা হৈছে।
আজি তেওঁলোকক সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে গৌৰৱ গুপ্তাৰ দলে প্ৰট’কলৰ নিয়ম সন্দৰ্ভত সকলো নিয়ম চোৱাচিতা কৰিছে। ঘটনাৰ আগদিনা চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰিছে বিষয়াসকলে।
এই বিষয়ত ইতিমধ্য তদন্ত প্ৰক্ৰিয়া চলি আছে। এই পৰ্যন্ত তদন্তত প্ৰকাশ পাইছে যে এবছৰত ২৫ বাৰতকৈ অধিক বিদেশ ভ্ৰমণ কৰিছিল ৰন্যা ৰাৱে।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে জেৰাৰ সময়ত জনাই যে, তেওঁক সোণখিনি দুটা পেকেটত গতাই দিয়া হৈছিল, যিবোৰ ডাঠ প্লাষ্টিকৰ পেকেটত ভৰাই থোৱা আছিল। সোণখিনি লুকুৱাবলৈ ৰণিয়াই বিমানবন্দৰতে ক্ৰেপ বেণ্ডেজ আৰু কেঁচি কিনে। ইয়াৰ পিছত তেওঁ সোণখিনি নিজৰ শৰীৰ আৰু জোতাত লুকুৱাই ৰাখে। ইউটিউব ভিডিঅ’ এটাৰ পৰা সোণ লুকুৱাবলৈ শিকিছে বুলি ৰন্য়াই উল্লেখ কৰে।
বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু চিবিআইয়েও সোণ সৰবৰাহৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰন্যা ৰাওৰ জামিন আবেদন নাকচ হোৱাৰ পিছত এতিয়া ইডি আৰু চিবিআইয়ে গ্ৰেপ্তাৰ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। গোচৰটোৰ অধিক তদন্তৰ বাবে প্ৰথমে ইডিৰ বিষয়াই আৰু তাৰ পিছত চিবিআইৰ বিষয়াই জিম্মাত ল’ব পাৰে ৰন্যা ৰাওক।
ডুবাইৰ পৰা উভতি অহাৰ পাছত বেংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সোণ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৰন্যা ৰাও। তদন্তৰ সময়ত তেওঁৰ পৰা ১২.৫৬ কোটি টকাৰ সোণৰ বাৰ জব্দ কৰা হয়। বৰ্তমান এই বিষয়ৰ তদন্ত চলি আছে। ডি আৰ আইয়ে ৰন্যাৰ ফোন আৰু লেপটপৰ তথ্যৰ জৰিয়তে চোৰাংচোৱাগিৰিটোৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছে।