আজিৰ পৰা আৰম্ভ হ’ল ভাৰত আৰু জিম্বাব’ৱেৰ মাজত পাঁচখন মেচৰ টি-২০ শৃংখলা। হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হোৱা শৃংখলাৰ প্ৰথমখন মেচত ইতিমধ্যেই ভাৰতে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলত আজি কেইবাগৰাকীও উদীয়মান তথা প্ৰতিভাৱান ক্ৰিকেটাৰৰ অভিষেক ঘটিল। অসম সন্তান ৰিয়ান পৰাগ, অভিষেক শৰ্মাকে ধৰি ধ্ৰুৱ জুৰেলে প্ৰথমবাৰৰ বাবে পিন্ধিলে নীলা জাৰ্চি।
প্ৰতিগৰাকী ক্ৰিকেটাৰে মনত পুহি ৰাখে ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সপোন। আৰু সেই সপোন অৱশেষত পূৰণ হ’ল ৰিয়ান, অভিষেক আৰু জুৰেলৰ।
বিগত বৰ্ষৰ ঘৰুৱা ক্ৰিকেটৰ লগতে ২০২৪ বৰ্ষৰ আই পি এলত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় দলত সুযোগ পোৱা ৰিয়ানক জাতীয় দলৰ কেপ পিন্ধাই তেওঁৰেই পিতৃ পৰাগ দাসে।
অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসে নিজ পুত্ৰক ভাৰতীয় দলৰ কেপ পিন্ধোৱা সেই ক্ষণত কাষতে থকা মাতৃ কিছু আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছিল।
অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী পুৰুষ ক্ৰিকেটাৰে ভাৰতীয় দলত অভিষেক ঘটোৱাত ৰিয়ানৰ পৰিয়ালৰ লগতে অসমৰ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী উৎফুল্লিত হৈ পৰিছে।