আৰু চাৰি দিন পিছৰে পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ ১৮ সংখ্যক ছিজন। আই পি এল ২০২৫ৰ প্ৰথমখন মেচ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব।
২৩ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব মুম্বাই ইণ্ডিয়ানছ দলে। প্ৰথমখন মেচত নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়া অবিহনে খেলপথাৰত নামিব মুম্বাই।
উল্লেখ্য যে হাৰ্দিক পাণ্ডিয়াক আই পি এলৰ এখন খেলৰ বাবে নিষিদ্ধ কৰা হৈছে। সেয়ে তেওঁ আই পি এল ২০২৫ৰ প্ৰথমখন মেচ খেলিব নোৱাৰিব।
আচলতে হাৰ্দিক পাণ্ডিয়াক লেহেমীয়া অভাৰ ৰেটৰ বাবে এখন মেচৰ বাবে নিষিদ্ধ কৰা হৈছে। ২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক আছিল হাৰ্দিক পাণ্ডিয়া। এই সময়ছোৱাত দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে তিনিবাৰকৈ জৰিমনা বিহা হৈছিল। যেতিয়া এজন অধিনায়কে প্ৰথমবাৰৰ বাবে এই কাম কৰে তেতিয়া তেওঁক ১২ লাখ টকা জৰিমনা বিহা হয়। দ্বিতীয়বাৰৰ বাবে জৰিমনা দুগুণ বিহা হয়। তৃতীয়বাৰৰ বাবে এনে হ’লে এখন মেচৰ নিষেধাজ্ঞা আৰোপ কৰা হয়।
২০২৪ চনৰ আই পি এলত ঋষভ পন্তকো স্লো অভাৰ ৰেটৰ বাবে এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত মুম্বাই ইণ্ডিয়ানছ দলক প্ৰথমখন মেচত নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা নাই দলীয় নেতৃত্বই। আনহাতে মূল একাদশত হাৰ্দিক পাণ্ডিয়াৰ ঠাইত ৰবীন মিঞ্জক সুযোগ দিয়াৰ সম্ভাৱনা আছে।
প্ৰথম মেচখনৰ বাবে মুম্বাইৰ সম্ভাব্য মূল একাদশ
ৰোহিত শৰ্মা, উইল জেকছ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ৰবীন মিঞ্জ, নমন ধীৰ, মিচেল চেণ্টনাৰ, দীপক চাহাৰ, কৰ্ণ শৰ্মা, ট্ৰেণ্ট বল্ট আৰু কাৰ্বিন বাশ অথবা মুজীৱ উৰ ৰহমান।