ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত আৰম্ভ হৈছে আলোচনা। হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা। সম্প্ৰতি আমেৰিকা প্ৰশাসনে ৰাছিয়াক ৩০ দিনৰ যুদ্ধবিৰতিত স্বাক্ষৰ কৰাব বিচাৰিছে।
উল্লেখ্য যে, বিগত সপ্তাহত ছৌদি আৰৱত ইউক্ৰেইনৰ বিষয়াসকলৰ সৈতে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিয়োৰ অধ্যক্ষতাত হোৱা বৈঠকত আমেৰিকাৰ প্ৰস্তাৱক সমৰ্থন জনাইছিল ইউক্ৰেইনে।
ইফালে, পুটিন শান্তিৰ বাবে সাজু হ’ব নে নহয় তাক লৈ সন্দেহ ব্যক্ত কৰিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। কিয়নো আমেৰিকাই ধাৰাবাহিকভাৱে শান্তিৰ বাবে আহ্বান জনাই থকাৰ পিছতো ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই অব্যাহত ৰাখিছে আক্ৰমণ।
স্মৰ্তব্য যে, পুটিনৰ সৈতে ফোনত হোৱা কথা-বতৰাৰ পূৰ্বে ট্ৰাম্পে কৈছিল যে তিনি বছৰীয়া যুদ্ধৰ সময়ত জব্দ কৰা ভূমি আৰু বিদ্যুৎ কেন্দ্ৰৰ বিষয়ে পুটিনৰ সৈতে আলোচনা কৰিব।