• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুনীতা উইলিয়ামছ উভতি অহাটো বিচৰা নাছিল নেকি বাইডেনে? মাস্কৰ বিস্ফোৰণ…

Nation NE by Nation NE
March 19, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সুনীতা উইলিয়ামছ উভতি অহাটো বিচৰা নাছিল নেকি বাইডেনে? মাস্কৰ বিস্ফোৰণ…
Share on FacebookShare on TwitterWhatsApp

৯ মাহৰ প্ৰতিক্ষাৰ অন্তত ধৰালৈ উভতিল মহাকাশচাৰী সুনীতা উইলিয়ামছ। অনিশ্চয়তা-উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত বুধবাৰে পুৱা পৃথিৱীত ভৰি দিয়ে ভাৰতীয় বংশোদ্ভৱ মাৰ্কিন মহাকাশচাৰী সুনীতা উলিয়ামছ আৰু বুচ উইলমোৰ, নিকহগ আৰু আলেকজেণ্ডাৰ গৰ্বুন’ভ।

মাত্ৰ ৮ দিনৰ বাবে যোৱা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰৰ ওভতনি যাত্ৰাৰ মহাকাশ যানখনৰ বিসংগতিৰ বাবেই অনাকাংক্ষিতভাৱে ৯ মাহ আবদ্ধ হৈ থকাৰ পাছত আজি পুৱা ৩.৩০ বজাত পৃথিৱীত উপনীত হয় মহাকাশচাৰী কেইজন। আমেৰিকাৰ ফ্ল’ৰিডা উপকূলৰ সমীপৰ সাগৰত পেৰাচ্যুটৰ সহায়ত অৱতৰণ কৰে মহাকাশচাৰী কেইজনক কঢ়িয়াই অনা ড্ৰেগন কেপচুল। লগে লগে ৯ মাহ ধৰি চলি থকা অনিশ্চয়তাৰ অন্ত পৰিল।

উল্লেখ্য যে, ২০২৪ চনৰ জুন মাহত মহাকাশ কোম্পানী ব’য়িঙৰ ষ্টাৰলাইনাৰ মহাকাশ যানখনেৰে সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰ মহাকাশলৈ গৈছিল। মহাকাশত উপনীত হোৱাৰ পাছতেই এই ষ্টাৰলাইনাৰ মহাকাশ যানখনত বিভিন্ন কাৰিকৰী বিসংগতি ঘটে। যাৰ পৰিপ্ৰেক্ষিতত এই যানখনেৰে দুই মহাকাশচাৰী পৃথিৱীলৈ উভতি অহাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰে।

৯ মাহ ধৰি আইএছএছত আবদ্ধ হৈ থকা দুই মহাকাশচাৰীক পৃথিৱীলৈ অনাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ কোম্পানী নাছাই কেইবাবাৰো পৰিকল্পনা কৰে যদিও প্ৰতিবাৰেই বিফল হয়। অৱশেষত নাছাই ধনকুবেৰ ইলম মাস্কৰ মহাকাশ কোম্পানী স্পেচএক্সৰ ড্ৰেগন যানেৰে দুই মহাকাশচাৰীক ওভতাই আনিবলৈ অভিযান চলায়।

শনিবাৰে ফ্ল’ৰিডাৰ পৰা উৎক্ষেপণ কৰা স্পেচএক্সৰ ড্ৰেগন যান দেওবাৰে আইএছএছত উপনীত হয় আৰু সফলতাৰে যানখনে আইএছএছত ড’কিং কৰে। সোমবাৰে ড্ৰেগন যানেৰে পৃথিৱীলৈ যাত্ৰা কৰা মহাকাশচাৰী কেইজনে ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৩.৩০ বজাত অৱতৰণ কৰে।

এই সফল অভিযানৰ বাবে এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে ধনকুবেৰ ইলন মাস্কক। অসহায় হৈ পৰা নাছাৰ অনুৰোধত ইলন মাস্কৰ মহাকাশ কোম্পানী স্পেচএক্সে মহাকাশচাৰী কেইজনক ওভতাই অনাত সক্ষম হোৱাত এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে।

বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে কিয় ৮-৯ মাহলৈ নাছা বা আমেৰিকা চৰকাৰ প্ৰশাসনে ইলন মাস্কক এই অভিযানৰ বাবে অনুৰোধ জনোৱা নাছিল। ইয়াৰ আঁৰত কোনো ৰাজনৈতিক অভিসন্ধি আছিল নেকি? জ’ বাইডেন ৰাষ্ট্ৰপতি হৈ থকা সময়ত ইলন মাস্কৰ সৈতে এই বিষয়ত কোনো কথা-বতৰা হোৱা নাছিল নেকি?

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হোৱা ট্ৰাম্পে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি মাস্কৰ সৈতে আলোচনা কৰি মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰী কেইজনক সুৰক্ষিতভাৱে ওভতাই আনিবলৈ পণ লয়।

প্ৰতিশ্ৰুতি অনুসৰি মাস্কৰ কোম্পানী স্পেচএক্স আৰু নাছাই যৌথভাৱে চলোৱা অভিযানত মহাকাশচাৰী কেইজন সুৰক্ষিতভাৱে পৃথিৱীত অৱতৰণ কৰে।

এই সফল অভিযানৰ পিছতেই এটা আগশাৰীৰ সংবাদ মাধ্যমে লোৱা সাক্ষাৎকাৰত ইলন মাস্কে কয় যে এই অভিযানক লৈ তেওঁ সুখী আৰু ইয়াৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকো ধন্যবাদ জ্ঞাপন কৰে।

৯ মাহ ধৰি আবদ্ধ হৈ থকা মহাকাশচাৰী কেইজনক ওভতাই আনিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে তেওঁক অনুৰোধ জনোৱা নাছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে স্পেচএক্সে প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনক মহাকাশচাৰী দুজনক আগতেই ঘূৰাই অনাৰ প্ৰস্তাৱ দিছিল যদিও ইয়াক “ৰাজনৈতিক কাৰণত নাকচ কৰা হৈছিল”।

সাক্ষাৎকাৰটোত তেওঁ কয়, ‘আমি নিশ্চিতভাৱে মহাকাশচাৰী কেইজনক আগতে ওভতাই আনিবলৈ প্ৰস্তাৱ আগবঢ়াইছিলো। সেই বিষয়ে কোনো প্ৰশ্নই উত্থাপন নহয়। মহাকাশচাৰীসকল তাত মাত্ৰ আঠ দিনহে থকাৰ কথা আছিল আৰু তেওঁলোক তাত থকা প্ৰায় ১০ মাহ হ’ল। স্পেচএক্সে মহাকাশচাৰী কেইজন কিছুমাহ পূৰ্বেই ওভতাই আনিব পাৰিলেহেঁতেন আৰু আমি সেই প্ৰস্তাৱটো বাইডেন প্ৰশাসনক দিছিলো। ৰাজনৈতিক কাৰণত নাকচ কৰা হৈছিল আৰু সেয়া মাথোঁ এটা সত্য।’

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অৰ্থা জানুৱাৰী মাহত ইলন মাস্কে বাইডেন প্ৰশাসনক সমালোচনা কৰা দেখা গৈছিল। তেওঁ কৈছিল যে ‘ভয়ংকৰ’, তেওঁলোকক ইমান দিন তাত আবদ্ধ হৈ থাকিব দিছে।

ইয়াৰ পিছত আজি ইলন মাস্কে কৰা এই মন্তব্যই আমেৰিকাৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে।

Tags: Elon MuskJoe BidenSpaceXStranded AstronautsSunita Williams

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!
Top News

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

April 27, 2026
‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025