মাৰ আৰু জোমি জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ চূড়াচান্দপুৰ জিলা। মঙলবাৰে এই দুটা জনগোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈছিল।
এই সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছতে জিলাখনত কাৰ্ফিউ জাৰি কৰাৰ লগতে পৰিস্থিতি যাতে অধিক বেয়াৰ ফালে ঢাল নাখায় তাৰ বাবে নিৰাপত্তাৰক্ষীৰ বৃহত দলে জিলাখনত টহল দিয়াৰ লগতে ফ্লেগ মাৰ্ছ কৰাও পৰিলক্ষিত হয়।
ইফালে ৰাজপথসমূহ প্ৰায় জনশূন্য হৈ পৰাৰ লগতে চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় সমূহতো উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, মঙলবাৰে নিশা সংঘটিত হোৱা সংঘৰ্ষত মাৰ সম্প্ৰদায়ৰ ৫১ বছৰীয়া লালৰোপুই পাখুৱাংটে নামৰ এজন লোক নিহত হৈছিল।
দেওবাৰে মাৰ ইনপুইৰ সাধাৰণ সম্পাদক ৰিচাৰ্ড মাৰক একাংশ জোমি লোকে আক্ৰমণ কৰাৰ পিছতে দুয়োটা জনগোষ্ঠীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ, যাৰ ফলত পিছদিনা জিলাখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় আৰু সান্ধ্য আইন জাৰি কৰা হয়।
এই ঘটনাৰ পিছতে সাহায্য শিবিৰত থকা কুকি সম্প্ৰদায়ৰ কেইবাজনো লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।
চূড়াচান্দপুৰ চহৰ মূলতঃ জোমি লোকৰ বাসস্থান, কিছুমান অঞ্চলত মাৰ আৰু কুকি সম্প্ৰদায়ৰ লোকে বসবাস কৰে।