বিহাৰত সংঘটিত হৈছে আন এক ভয়ংকৰ অপৰাধৰ ঘটনা। ৰাজ্যখনৰ ৰাজধানী পাটনাস্থিত এছিয়া হাস্পতালৰ সঞ্চালকক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে। জানিব পৰা অনুসৰি পাটানাৰ আগমকুৱা থানা এলেকাত সঞ্চালকগৰাকীক গুলীয়াই হত্যা কৰে।
ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে ৫টা কাৰ্টিজ। চিকিৎসালয়ৰ কেবিনত তেজেৰে লুটুৰি পুতুৰি থকা অৱস্থাত উদ্ধাৰ হৈছে সঞ্চালকজনৰ মৃতদেহ। তদন্তৰ বাবে চহৰৰ আৰক্ষী অধীক্ষককে ধৰি আগমকুৱা থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷
জানিব পৰা মতে চিকিৎসালয়খনত ৰোগীৰ চিকিৎসা চলি থকা সময়তে প্ৰায় ৬ মান বজাত একাংশ দুৰ্বৃত্তই হাস্পতালৰ সঞ্চালক সুৰভি ৰাজৰ চেম্বাৰত প্ৰৱেশ কৰে। তাৰ পিছত সুৰভি ৰাজৰ ওপৰত ৬-৭ জাই গুলী নিক্ষেপ কৰে।
ইয়াৰ পিছতে হাস্পতাল কৰ্তৃপক্ষই গুলীবিদ্ধ অৱস্থাত সঞ্চালকজনক পাটনা এইমছলৈ লৈ যায় যদিও চিকিসকে তেওঁক মৃত ঘোষণা কৰে।
উল্লেখ্য যে, হাস্পতালৰ ভিতৰত প্ৰৱেশ কৰি সঞ্চালকগৰাকীক কোনে কি কাৰণত হত্যা কৰিলে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই যদিও ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যময় পৰিৱেশে বিৰাজ কৰিছে।