শেহতীয়াকৈ দুগৰাকী গৱেষকে দাবী কৰিছে যে, ইজিপ্তৰ পিৰামিডৰ তলত এখন বিশাল ভূগৰ্ভস্থ চহৰ আছে। ইয়াৰ বাবে তেওঁলোকে পিৰামিডৰ তলত উচ্চ ৰেজোলিউচনৰ ছবি এখন তৈয়াৰ কৰিছে।
‘ডেইলী মেইল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, গৱেষকসকলে দাবী কৰিছে যে গিজা পিৰামিডৰ ঠিক তলত ৬৫০০ ফুটতকৈও অধিক গভীৰতাত এখন বিশাল চহৰ বিস্তৃত হৈ আছে। এনে পৰিস্থিতিত এই চহৰ পিৰামিডৰ উচ্চতাতকৈ প্ৰায় ১০ গুণ ডাঙৰ হ’ব পাৰে।
গৱেষণাটোত দাবী কৰা হৈছে যে, পিৰামিডৰ তলত ২১০০ ফুটতকৈও অধিক গভীৰতালৈ বিস্তৃত ৮টা উলম্ব নলাকাৰ গঠন আৰু ৪০০০ ফুট গভীৰতালৈ বিয়পি পৰা আৰু কিছুমান অজ্ঞাত গঠনৰ অস্তিত্ব আছে। এই আৱিষ্কাৰ কৰিছে ক’ৰাডো মালাংগা আৰু ফিলিপ’ বিয়ণ্ডিয়ে।
উল্লেখ্য যে, এই গৱেষণাত ৰাডাৰ পালছ ব্যৱহাৰ কৰি পিৰামিডৰ তলত উচ্চ ৰেজোলিউচনৰ ছবি এখন সৃষ্টি কৰা হৈছে। এই কৌশলত কোনো ধৰণৰ খন্দাৰ প্ৰয়োজন নহয়।
একাংশ বিশেষজ্ঞই এই গৱেষণাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। পুৰাতত্ত্বৰ কাম কৰা ডেনভাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক লৰেন্স কনিয়াৰ্ছে কয় যে, কোনো প্ৰযুক্তিয়ে মাটিৰ ইমান গভীৰতালৈ যোৱাটো সম্ভৱ নহয়। এনে পৰিস্থিতিত মাটিৰ তলৰ চহৰ অতিৰঞ্জিত।