দুখীয়া আৰু আৰ্তজনক সহায় কৰা ছনু ছুদৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ। অভিনেতাগৰাকীৰ পত্নী সোণালী ছুদৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছে। ভনীয়েক আৰু ভতিজাৰ সৈতে ভ্ৰমণ কৰি থকাৰ সময়তে সোণালীৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়।
এটা আগশাৰীৰ ৰাষ্ট্ৰীয় ৱেবছাইটত প্ৰকাশ পোৱা খবৰ অনুসৰি নাগপুৰ ঘাইপথত সোণালী ছুদৰ ভয়ংকৰ গাড়ী দুৰ্ঘটনা সংঘটিত হৈছে। সূত্ৰটোৰ মতে, সোণালী ভগ্নী আৰু ভতিজাৰ সৈতে যাত্ৰা কৰি আছিল।
গাড়ী চলাই থকা তেওঁৰ ভতিজাজনো এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে। জানিব পৰা অনুসৰি, এই দুৰ্ঘটনাটো সোমবাৰে গভীৰ নিশা সংঘটিত হৈছে।
সোণালী আৰু তেওঁৰ ভতিজা বৰ্তমান নাগপুৰৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে অভিনেতা ছনু ছুদ পত্নীৰ ওচৰলৈ যায় আৰু তেওঁ যোৱা নিশাৰ পৰা নাগপুৰত আছে। ছনুৰ মুখপাত্ৰইও এই খবৰ নিশ্চিত কৰি কয়, ‘হয়, সোণালীৰ দুৰ্ঘটনা হৈছে। ছনু বৰ্তমান উপলব্ধ নহয়।’
ইফালে চিকিৎসালয়খনৰ চিকিৎসা কৰ্মচাৰীয়ে সদৰী কৰা অনুসৰি সোণালী আৰু তেওঁৰ ভতিজাৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখা হৈছে আৰু আগন্তুক ৪৮-৭২ ঘন্টালৈ তেওঁলোকক সম্পূৰ্ণ নজৰত ৰখা হ’ব। অৱশ্যে এই দুৰ্ঘটনাটোত সোণালীৰ ভগ্নী ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা পৰে আৰু সামান্য আঘাতহে হয়।