বিশ্বজুৰি প্ৰশংসা লাভ কৰা ‘সন্তোষ’ নামৰ ছবিখনে ভাৰতত মুক্তিৰ বাবে লাভ কৰা নাই অনুমোদন। ব্ৰিটিছ-ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সন্ধ্যা সুৰীয়ে জানিবলৈ দিয়ে যে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে (চিবিএফচি) ছবিখনৰ কেইবাটাও দৃশ্যত আপত্তি দৰ্শাই ছবিখনক ভাৰতীয় ছবিগৃহত মুক্তি দিয়াৰ বাবে প্ৰমাণপত্ৰ দিবলৈ অসন্মতি প্ৰকাশ কৰিছে।
জানিব পৰা অনুসৰি, ছবিখনত ভাৰতীয় আৰক্ষীৰ বৰ্বৰতা, সাম্প্ৰদায়িক ভেদভাব আৰু মহিলাৰ প্ৰতি দেখুওৱা বিদ্বেষ চিত্ৰণত চেন্সৰ ব’ৰ্ডে আপত্তি দৰ্শাইছে।
উল্লেখ্য যে, ‘সন্তোষ’ ছবিখন এগৰাকী বিধৱাৰ জীৱনৰ ওপৰত আধাৰিত। এই মহিলাগৰাকীয়ে পৰৱৰ্তী সময়ত আৰক্ষীত ভৰ্তি হয় আৰু এগৰাকী দলিত ছোৱালীৰ হত্যাৰ তদন্তত নামি পৰে।
ছবিখনত আৰক্ষীক নাৰী বিৰোধী, দলিতৰ ওপৰত অত্যাচাৰ, মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা আদি চিত্ৰিত কৰা হৈছে। একে সময়তে নিম্নবৰ্ণৰ মহিলাৰ ওপৰত হোৱা হিংসাও ছবিখনত দেখুওৱা হৈছে।
মহিলা কনিষ্টবলৰ ভূমিকাত অভিনয় কৰা শিল্পীগৰাকী হৈছে শ্বাহানা গোস্বামী। সাৱলীল অভিনয়ৰ বাবে গোস্বামীয়ে লাভ কৰিছিল এছিয়া ফিল্ম পুৰস্কাৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ।
স্মৰ্তব্য যে, কাঁ চলচ্চিত্ৰ মহোৎসৱত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এই ছবিখনে। এই ছবিখনক ব্ৰিটেইনে অস্কাৰৰ বাবে পঠিয়াইছিল। ভাৰতীয় অভিনেতা-অভিনেত্ৰীৰ দ্বাৰা হিন্দী ভাষাতে নিৰ্মিত এই ছবিখনৰ দৃশ্যগ্ৰহণো হৈছিল ভাৰতত।