ভাৰতত থকা লিঅ’নেল মেছিৰ অনুৰাগীৰ বাবে ভাল খবৰ। মেছিসহ আৰ্জেণ্টিনাৰ ফুটবল দলটোৱে দুভৰিৰ যাদু দেখুৱাবলৈ আহিব ভাৰতলৈ। প্ৰায় ১৪ বছৰৰ মূৰত দুভৰিৰ যাদু দেখুৱাবলৈ ভাৰতলৈ আহিব লিঅ’নেল মেছি।
বিশ্বকাপ বিজয়ী অধিনায়ক মেছিৰ এয়া দ্বিতীয় ভাৰত ভ্ৰমণ। মেছিৰ লগতে আহিব আৰ্জেণ্টিনাৰ সম্পূৰ্ণ জাতীয় দল।
কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰহিমানে এই কথা জানিব দি কয় যে মেছিৰ সম্ভাব্য ভ্ৰমণৰ তাৰিখ ২৫ অক্টোবৰৰ পৰা ২ নৱেম্বৰ। ৭ দিনৰ এই ভ্ৰমণকালত মেছি নেতৃত্বাধীন দলটোৱে খেলিব এখন আন্তঃৰাষ্ট্ৰীয় প্ৰীতি খেল।
অৱশ্যে আৰ্জেণ্টিনাৰ বিপক্ষৰ দল কোন হ’ব সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, পদশিল্পৰ যাদুকৰ মেছিয়ে শেষবাৰৰ বাবে ২০১১ চনৰ ছেপ্টেম্বৰ মাহত কলকাতাত ভেনিজুৱেলাৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফাইং ৰাউণ্ডৰ মেচ খেলিবলৈ ভাৰত ভ্ৰমণ কৰিছিল। ছল্ট লেক ষ্টেডিয়ামত খেলা সেই মেচখনত আৰ্জেণ্টিনাই ১-০ গ’লত জয়লাভ কৰে।