ৰাতিপুৱাৰ সাধাৰণ অভ্যাস এটাৰে আমি আমাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰো। খালী পেটত কিচমিচ পানী সেৱন কৰিলে পাচনতন্ত্ৰৰ সমস্যা কমোৱাৰ লগতে শৰীৰৰ বিষমুক্ত হোৱাত সহায়ক হয়।
আজি আমি জানিম যে এই অভ্যাস কৰিলে আমাৰ সামগ্ৰিক স্বাস্থ্যৰো উপকাৰ হ’ব পাৰে।
কিচমিচক গুণৰ ভঁৰাল বুলি কোৱা হয়। এই উৎকৃষ্ট শুকান ফলবিধ, আঙুৰ শুকুৱাই প্ৰস্তুত কৰা হয়। আঙুৰৰ সকলো গুণ ইয়াত থাকে। ইয়াত আইৰণ, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিলে বহুতো গুৰুতৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। উন্নত আৰু সুস্থ জীৱনৰ বাবে ইয়াক তিয়াই ৰাতিপুৱা খালে আৰু ইয়াৰ পানী খালে অতি উপকাৰী বুলি গণ্য কৰা হয়।
- কিচমিচৰ পানী সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে। ই কোষ্ঠকাঠিন্য, এচিডিটি আৰু ভাগৰুৱা সমস্যা আদিৰ বাবেও কিচমিচৰ পানী অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। নিয়মিতভাৱে ইয়াক সেৱন কৰিলে পেটৰ সকলো সমস্যাৰ পৰা সকাহ পাব পাৰি।
- দৈনিক কিচমিচৰ পানী খালে কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি হয়। ইয়াৰ উপৰিও ই শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কমি যায়।
- প্ৰতিদিনে পুৱা কিচমিচৰ পানী খালে ছালৰ বলিৰেখা কমি যায় আৰু ছাললৈ এক আচৰিত সতেজতা আহে। দৈনিক ইয়াক সেৱন কৰিলে বিপাকীয় ক্ৰিয়া শক্তিশালী হয়।
- যদি শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি যায়, তেন্তে কিচমিচৰ পানী খাব লাগে। ইয়াক অবিৰতভাৱে সেৱন কৰিলে আমাৰ শৰীৰত তেজ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।
কিচমিচৰ পানী বনাবলৈ কেৰাহীত অলপ পানী লৈ তাত কেইটিমান কিচমিচ দি কমেও ২০ মিনিট উতলাই ল’ব লাগে। ইয়াৰ পিছত ৰাতি এগিলাচ পানীত ইয়াক তিয়াই ৰাতিপুৱা এই পানী সেৱন কৰিব লাগে।