আৰু কিমান বছৰলৈকে শাসনত থাকিব দেশৰ সৰ্ববৃহত ৰাজনৈতিক দল বিজেপি। দেশৰ প্ৰায়বোৰ ৰাজ্যতে শক্তিশালী সাংগঠনিক ভেটি গঢ়িবলৈ সক্ষম হোৱা বিজেপি এতিয়া প্ৰায়বোৰ ৰাজ্যৰে শাসনত অধিষ্ঠিত হৈ আছে।
বিজেপিক পৰাভূত কৰিবলৈ দেশৰ বিৰোধী শক্তিয়ে অহৰহ প্ৰচেষ্টা চলাই আছে যদিও অধিকাংশ নিৰ্বাচনতে বিফল হৈছে তেওঁলোক। ইয়াৰ পিছত এতিয়া আৰম্ভ হৈছে চৰ্চা আৰু কিমান বছৰলৈকে শাসনত থাকিব বিজেপি।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে বিজেপি একেৰাহে ৩০ বছৰলৈকে শাসনত অধিষ্ঠিত হৈ থাকিব। যিকোনো লোকতান্ত্ৰিক দেশত এটা দলৰ জয় তেওঁলোকৰ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে।
তেওঁ লগতে কয় যে যদি কোনো লোকে নিজৰ বাবে নকৰি দেশৰ উন্নয়নৰ বাবে কাম কৰে তেন্তে দলটোৱে জনসাধাৰণৰ সমৰ্থন লাভ কৰে। নীতি আৰু কষ্টৰ বলত বিজেপিয়ে অতি কমেও আৰু ইমান বছৰলৈকে শাসনত থাকিব।
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ব্যক্তিগত টিভি চেনেলৰ অনুষ্ঠানত মন্তব্য কৰি কয় যে মই বিজেপিৰ সভাপতি হৈ থাকোঁতে মই কৈছিলো যে আগন্তুক ৩০ বছৰ বিজেপি ক্ষমতাত থাকিব। এতিয়ালৈকে মাত্ৰ ১০ বছৰহে পাৰ হৈ গ’ল। আৰু কমেও ২০ বছৰ বাকী আছে।