শনিবাৰে আই পি এলৰ ১৮ সংখ্যক ছিজনৰ নৱম সংখ্যক মেচত শুভমন গীল নেতৃত্বাধীন গুজৰাট টাইটানছ দলে ৩৬ ৰানত পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছক। এই মেচখনত দুয়োটা দলৰ কেইবাজনো খেলুৱৈয়ে কেইবাটাও বিশেষ অভিলখ গঢ়িবলৈ সক্ষম হয়…
শুভমন গীল
শনিবাৰে অনুষ্ঠিত হৈ যোৱা মেচখনত গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গীলে ২৭টা বলত ৩৮ ৰানৰ ইনিংছ খেলে। এই ইনিংছৰ লগে লগে নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত ১০০০ ৰান সম্পূৰ্ণ কৰা খেলুৱৈৰ তালিকাত নাম সন্নিবিষ্ট হয় গীলৰ। কেৱল এয়া নহয় এখন ষ্টেডিয়ামত ১০০০ ৰান সম্পূৰ্ণ কৰা দ্বিতীয় সৰ্বাধিক বেগী বেটছমেনতো পৰিণত হয় গীল। ২০ টা ইনিংছতেই তেওঁ সম্পূৰ্ণ কৰে এই কৃতিত্ব।
প্ৰসিদ্ধ কৃষ্ণা
শনিবাৰে অনুষ্ঠিত হোৱা মেচখনতে প্ৰসিদ্ধ কৃষ্ণাই আই পি এল কেৰিয়াৰত ৫০টা উইকেট সম্পূৰ্ণ কৰে। এই পৰ্যন্ত তেওঁ ৫৩ খন মেচ খেলি ৫১টা উইকেট দখল কৰিছে।
ছাই সুদৰ্শন
শনিবাৰে অনুষ্ঠিত হোৱা মেচখনত ছাই সুদৰ্শনেও বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। মুম্বাইৰ বিৰুদ্ধে মেচখনত তেওঁ খেলিছিল ৬৩ ৰানৰ ইনিংছ। এই ইনিংছৰ জৰিয়তে তেওঁ আই পি এল ইতিহাসত ২৭টা ইনিংছৰ পিছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। সুদৰ্শনে প্ৰথম ২৭ ইনিংছত ১১৭১ ৰান সংগ্ৰহ কৰিছে। প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বন মাৰ্ছ। তেওঁ প্ৰথম ২৭ ইনিংছত ১২৫৪ ৰান সংগ্ৰহ কৰিছিল।
হাৰ্দিক পাণ্ডিয়া
হাৰ্দিক পাণ্ডিয়াই গুজৰাট টাইটানছৰ বিৰুদ্ধে বেটিঙৰ জৰিয়তে কোনো বিশেষ সফল হ’ব নোৱাৰিলে। কিন্তু বলিং প্ৰদৰ্শন আছিল সন্তোষজনক। দলটোৰ হৈ তেওঁ ৪ অভাৰত ২৯ ৰানত দুটা উইকেট দখল কৰে। ইয়াৰ লগে লগে তেওঁ বেগী বলাৰ হিচাপে অধিনায়কত্ব কৰি সৰ্বাধিক উইকেট দখল কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁ ২৪টা সফলতা লাভ কৰিছে।
ৰোহিত শৰ্মা
পুনৰ এবাৰ ব্যৰ্থ হ’ল ৰোহিত শৰ্মা। গুজৰাট টাইটানছৰ বিৰুদ্ধে মেচখনতো তেওঁ স্পৰ্শ কৰিব নোৱাৰিলে দহকৰ ঘৰ। ইয়াৰ লগে লগে তেওঁ আই পি এলত সৰ্বাধিক বাৰ একক সংখ্যাত আউট হোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁ ৮০টা ইনিংছত একক সংখ্যাত আউট হৈছে।