২ এপ্ৰিল অৰ্থাত বুধবাৰে সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব ৱাকফ সংশোধনী বিধেয়ক। ইয়াৰ পূৰ্বে দেশত আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। বিভিন্ন চৰ্চাৰ মাজতে এইবাৰ চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিয়ে ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন কৰিব বুলি মন্তব্য কৰিছে।
টিডিপিয়ে কয় যে এই বিধেয়কখন মুছলমানৰ পক্ষত। বিজেপিয়ে জানে যে এই বিধেয়কখন সংসদত গৃহীত কৰিবলৈ মিত্ৰৰ প্ৰয়োজন হ’ব, সেয়েহে দলটোৱে প্ৰথমে এখন বৈঠক অনুষ্ঠিত কৰি মিত্ৰজোঁটৰ ভিতৰৰ আন দলসমূহক পতিয়ন নিয়াইছিল।
সূত্ৰ অনুসৰি টিডিপিয়ে ৱাকফ বিধেয়ক সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তিনিটা পৰামৰ্শ দিছিল, যিবোৰ মানি লোৱা হয়।
টিডিপিয়ে কয় যে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু মুছলমানৰ পক্ষত। শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কৈছিল যে টিডিপিয়ে সদায় ৱাকফৰ সম্পত্তি সুৰক্ষিত কৰি আহিছে আৰু তেওঁৰ দলে বঞ্চিত মুছলমান পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ দিশত কাম কৰি যাব।
টিডিপিয়ে কেন্দ্ৰক ৱাকফ বাই ইউজাৰ ক্ল’জ আঁতৰোৱাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ অধীনত যদি কোনো সম্পত্তি দীৰ্ঘদিন ধৰি ধৰ্মীয় কাৰণত ব্যৱহাৰ হৈ আছিল, তেন্তে সেই সম্পত্তিৰ কোনো নথি নাথাকিলেও ৱাকফ বুলি গণ্য কৰা হৈছিল। টিডিপিয়ে কালেক্টৰৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁলোকে নথি-পত্ৰসমূহ ডিজিটেলভাৱে আপলোড কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ দাবী জনাইছিল।
আনহাতে, টিডিপিৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৱাকফ বিধেয়কত প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰে। পূৰ্বে তদন্তৰ ক্ষমতা কালেক্টৰ (উপায়ুক্ত) ৰেংক বিষয়াৰ হাতত আছিল যদিও এতিয়া নতুন বিধেয়কখনৰ বিধান অনুসৰি ৰাজ্য চৰকাৰে নিযুক্তি দিয়া যিকোনো জ্যেষ্ঠ বিষয়াই (কালেক্টৰৰ জ্যেষ্ঠ) ৱাকফৰ সম্পত্তিৰ তদাৰক আৰু নিৰীক্ষণ কৰিব।