বাংলাদেশত আশ্ৰয় লোৱা ৰোহিংগীয়াসকল বৰ্তমান তেওঁলোকৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এই বিষয়ত কেইবাবাৰো বিবৃতি প্ৰকাশ কৰিছে।
শেহতীয়াকৈ মহম্মদ ইউনুছে ৰোহিংগীয়াক ম্যানমাৰলৈ ওভোতাই পঠোৱাৰ প্ৰক্ৰিয়াত বিশ্বৰ দেশসমূহক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইফালে, ম্যানমাৰৰ বিষয়াসকলে জনোৱা মতে, বাংলাদেশত আশ্ৰয় লোৱা ৮ লাখ ৰোহিংগীয়াৰ তালিকাৰ পৰা তেওঁলোকে ম্যানমাৰলৈ উভতাই নিয়াৰ বাবে ১ লাখ ৮০ হাজাৰ যোগ্য ৰোহিংগীয়াক চিনাক্ত কৰিছে।
ম্যানমাৰে প্ৰথমবাৰৰ বাবে এনে নিশ্চিতকৰণ কৰিছে, যিটো ৰোহিংগীয়া সংকটৰ সৈতে যুঁজি থকা বাংলাদেশৰ বাবে আশাৰ নতুন ৰেঙণি হিচাপে প্ৰমাণিত হ’ব পাৰে। বাংলাদেশে ২০১৮-২০ বৰ্ষৰ ভিতৰত ৰোহিংগীয়াৰ মূল তালিকা প্ৰকাশ কৰিছিল।
ঢাকা ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি, প্ৰায় ৭০ হাজাৰ ৰোহিংগীয়াৰ ফটো আৰু নামৰ পৰীক্ষণ চলি আছে। ম্যানমাৰৰ বিষয়াসকলৰ মতে, বাংলাদেশে দিয়া মূল তালিকাৰ পৰা শীঘ্ৰে ৫ লাখ ৫০ হাজাৰ ৰোহিংগীয়াৰ সত্যাসত্য নিৰূপণ কৰা হ’ব।
ম্যানমাৰৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী উ থান শ্ব’ৱে বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনৰ সময়ত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উচ্চ প্ৰতিনিধি ড০ খলিলুৰ ৰহমানক এই তথ্য প্ৰদান কৰে। বৈঠকত বাংলাদেশৰ উচ্চ প্ৰতিনিধিয়ে ম্যানমাৰৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে বাংলাদেশে দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকললৈ অধিক মানৱীয় সাহায্য প্ৰেৰণ কৰিবলৈ সাজু হৈ আছে।
বাংলাদেশ সম্প্ৰতি ৰোহিংগীয়াৰ ওপৰত কৰা ব্যয়ৰ বাবে অশান্তি দৰ্শায়। ৰাষ্ট্ৰসংঘই ২০২৫ চনৰ এপ্ৰিল মাহৰ পৰা বাংলাদেশত থকা ৰোহিংগীয়া শৰণাৰ্থীসকলৰ খাদ্য পুঁজি ১২.৫০ ডলাৰৰ পৰা মাহে ৬ ডলাৰলৈ হ্ৰাস কৰে।
শেহতীয়াকৈ মহম্মদ ইউনুছে কয় যে, ২০১৭ চনৰ পৰা বাংলাদেশে ১০ লাখৰো অধিক বলপূৰ্বকভাৱে স্থানচ্যুত হোৱা লোকক আশ্ৰয় দিছে, কিন্তু ম্যানমাৰলৈ তেওঁলোক উভতি যোৱাটোৱেই এই সমস্যাৰ একমাত্ৰ স্থায়ী সমাধান।