পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তানী যুৱতীসকলক লৈ এক নতুন উত্তেজনাৰ সন্মুখীন হৈছে। আচলতে বিগত এসপ্তাহ ধৰি পাকিস্তানী সুন্দৰীসকলে ভাৰতলৈ আহিব বিচৰিছে বুলি মুকলিকৈ ঘোষণা কৰিছে। লগতে ভাৰতলৈ আহি এগৰাকী ভাৰতীয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বিচাৰে বুলি জনায়।
কিন্তু ডাঙৰ প্ৰশ্নটো হ’ল পাকিস্তানৰ যুৱতীসকলৰ হৈছে কি?
ইয়াৰ আঁৰৰ কাৰণ হ’ল পাকিস্তানী যুৱকসকলৰ নিৰ্বিচাৰে বিবাহপাশত হোৱাৰ অভ্যাস। পাকিস্তানী যুৱতীসকলে অনুভৱ কৰে যে পাকিস্তানী যুৱকে বহুবাৰ বিবাহপাশত আৱদ্ধ হয়। কিন্তু ইয়াৰ পিছতো তেওঁলোক কেতিয়াও সন্তুষ্ট নহয়। সেয়ে এতিয়া পাকিস্তানী যুৱকৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে পাকিস্তানী যুৱতীসকলে।
দৰাচলতে পাকিস্তানৰ সৰ্বোচ্চ ধৰ্মীয় সংস্থা কাউন্সিল অৱ ইছলামিক আইডিঅ’লজিয়ে শেহতীয়াকৈ এটা সিদ্ধান্ত লৈছে। যাৰ অধীনত পাকিস্তানী পুৰুষক এই স্বাধীনতা দিয়া হৈছে যে স্বামীয়ে ইচ্ছা কৰিলে দ্বিতীয় পত্নী ৰাখিব পাৰে আৰু ইয়াৰ বাবে প্ৰথম পত্নীৰ পৰা অনুমতি লোৱাৰো প্ৰয়োজন নাই। এনে পৰিস্থিতিত কাউন্সিল অৱ ইছলামিক আইডিঅ’লজিৰ সিদ্ধান্তই পাকিস্তানী যুৱতীসকলৰ যন্ত্ৰণা বৃদ্ধি কৰিলে।
আমোদজনক কথাটো হ’ল এই সিদ্ধান্তক লৈ যেতিয়া পাকিস্তানী জনসাধাৰণৰ মাজত এক সমীক্ষা চলোৱা হৈছিল তেতিয়া বেছিভাগ যুৱতীয়ে কৈছিল যে, তেওঁলোকে পাকিস্তানী ল’ৰাক আৰু বিশ্বাস নকৰে। বিবাহৰ ক্ষেত্ৰত ভাৰতীয় ল’ৰাবোৰেই শ্ৰেষ্ঠ। অৰ্থাৎ তেওঁলোক ভাৰতলৈ আহি নিজ ধৰ্ম ত্যাগ কৰিবলৈও সাজু বুলি একাংশই সন্দেহ কৰিছে।










