দেশৰ উভয় সদনতে অনায়াসে গৃহীত হোৱা ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ২৪ জন লোকলৈ জাৰি কৰিছে জাননী। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ মহানগৰ দণ্ডাধীশে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিগৰাকী লোককে ২ লাখ টকাৰ বণ্ড প্ৰদান কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি, ২৮ মাৰ্চত ৰমজানৰ অন্তিম জুম্মা নামাজৰ পিছতে বহু সংখ্যক লোকে হাতত ক’লা বেজ পিন্ধি ৱাকফ সংশোদনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
আৰক্ষী অধীক্ষক (মহানগৰ) সত্যনাৰায়ণ প্ৰজাপতে শনিবাৰে কয় যে এই সন্দৰ্ভত ২৪ জন লোকলৈ জাননী প্ৰদান কৰা হৈছে। চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি আৰু অধিক লোকক চিনাক্ত কৰাৰ কাৰ্য অব্যাহত ৰাখিছে। এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সূত্ৰত এই তথ্য কথা প্ৰকাশ পাইছে।
আৰক্ষীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মহানগৰ দণ্ডাধীশ বিকাশ কাশ্যপে এই জাননী জাৰি কৰিছে। জাননীত তেওঁলোকক ১৬ এপ্ৰিলত আদালতত হাজিৰ হোৱাৰ পিছত প্ৰতিগৰাকীকে দুই লাখ টকাৰ বণ্ড দাখিল কৰিবলৈ কোৱা হৈছে।
আনহাতে, যিসকলৰ বিৰুদ্ধে জাননী জাৰি কৰিছে তেওঁলোকে কয় যে তেওঁলোকে কেৱল গণতান্ত্ৰিক উপায়েৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ক’লা বেজ পৰিধান কৰিছিল।